• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুজৰাটৰ ছুৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা: মুখামুখি সংঘৰ্ষত অগ্নিদগ্ধ হৈ ৭ যাত্ৰীৰ কৰুণ মৃত্যু, আহত ৪০

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2026 8:40 am
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে গুজৰাটৰ ছুৰাট জিলাৰ বৰদোলী চহৰৰ সমীপত মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ দুখন বাছৰ মাজত সংঘটিত হোৱা এক ভয়ংকৰ মুখামুখি সংঘৰ্ষৰ ফলত কমেও সাতগৰাকী লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে প্ৰায় ৪০ গৰাকী যাত্ৰী আহত হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে এখন বাছত জুই লাগে আৰু নিহত আটাইকেইগৰাকী যাত্ৰী উক্ত বাছখনৰেই আছিল। মহাৰাষ্ট্ৰ আৰু গুজৰাট সংযোগী ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উভা গাঁৱৰ সমীপত এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়।

ছুৰাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেশ ঘাধিয়াই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাগ্ৰস্ত বাছ দুখনৰ এখন ছুৰাটৰ পৰা ধুলে অভিমুখে গৈ থকাৰ বিপৰীতে আনখন মহাৰাষ্ট্ৰৰ চালিছগাঁৱৰ পৰা ছুৰাট অভিমুখে আহি আছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বৰদোলীৰ পৰা ভিয়াৰা অভিমুখী ঘাইপথত মহাৰাষ্ট্ৰলৈ গৈ থকা বাছখনে প্ৰথমে এখন ট্ৰেক্টৰত খুন্দা মাৰে। ইয়াৰ পাছতে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে পথৰ বিভাজক অতিক্ৰম কৰি বিপৰীত দিশৰ পৰা অহা আনখন বাছত তীব্ৰ জোৰেৰে খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত মহাৰাষ্ট্ৰৰ পৰা অহা বাছখন বাগৰি গৈ পথৰ দাঁতিৰ দ খাৱৈত সোমাই পৰে আৰু লগে লগে বাছখনত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

Apply Now

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ছুৰাট আৰু চুবুৰীয়া তাপী জিলাৰ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰকাৰী দলসমূহে বাছৰ ভিতৰত আৱদ্ধ হৈ থকা বহু যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু গুৰুতৰভাৱে আহত প্ৰায় ৪০ গৰাকী যাত্ৰীক বৰদোলীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষী অধীক্ষক ঘাধিয়াই স্পষ্ট কৰি দিয়ে যে দুয়োখন বাছৰ যাত্ৰী আহত হৈছে যদিও প্ৰাণহানি হোৱা সাতোগৰাকী যাত্ৰী জুই লগা বাছখনৰ ভিতৰতেই আৱদ্ধ হৈ আছিল।

এই শোকাৱহ দুৰ্ঘটনাটোৰ পাছতে মহাৰাষ্ট্ৰৰ ৰাজ্যিক পৰিবহণ মন্ত্ৰী প্ৰতাপ সৰনায়ে ঘটনাটোক অতিশয় মৰ্মান্তিক আৰু বেদনাদায়ক বুলি অভিহিত কৰি গভীৰ শোক প্ৰকাশ কৰে। তেওঁ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ দহ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। আনহাতে, মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ অধ্যক্ষগৰাকীয়েও এক বিবৃতিত নিহত যাত্ৰী আৰু নিগমৰ কৰ্মচাৰীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ লগতে পৰিবহণ মন্ত্ৰীগৰাকীয়ে আহত যাত্ৰীসকলক বিনামূলীয়াকৈ উন্নত চিকিৎসা সেৱা প্ৰদান নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd