• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰিয়ংকা চোপ্ৰাই নাচিবলৈ আহিলে শিৱসাগৰ চাবলৈ মানুহ নাহে : সুশান্ত বৰগোহাঁই

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 28, 2019 7:03 am
Sushanta Borgohain

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অসমৰ ব্ৰেণ্ড এম্বেচাডৰ প্ৰিয়ংকা চোপ্ৰা নাচিবলৈ আহিলে শিৱসাগৰ চাবলৈ মানুহ নাহে। ৰংঘৰ, তলাতল ঘৰৰ বাবে লোৱা লাইট এণ্ড চাউণ্ডৰ আঁচনি কাৰ্যকৰী কৰিলেহে শিৱসাগৰলৈ পৰ্যটক আহিব। ৰংঘৰত কেৱল লাইট জ্বলাই বা মিউজিক বজাই নহয়, শিৱসাগৰৰ ইতিহাস প্ৰদৰ্শন কৰিব লাগিব। গাড়ীৰ লাইটৰেও ৰংঘৰ চাব পাৰি”। পৰ্যটন বিভাগক উদ্দেশ্যি এই কথা ব্যক্ত কৰে যোৰহাট লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে।

বুধবাৰে সন্ধিয়া শিৱসাগৰৰ কংগ্ৰেছ ভৱনত এখন সংবাদমেল সম্বোধন কৰি সুশান্ত বৰগেহাঁইয়ে কয়, ‘যোৰহাট লোকসভা সমষ্টিত আঠগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে যদিও মোৰ প্ৰতিদ্বন্দ্বি ভাৰতীয় জনতা পাৰ্টীৰ তপন কুমাৰ গগৈয়ে হ’ব। আৰু এই যুঁজ আকৰ্ষণীয় হ’ব। বহু কংগ্ৰেছ বিৰোধী ৰাজনৈতিক দলে আমাক পূৰ্ণ সমৰ্থন আগবঢ়াইছে।  নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি আমি ৰাইজৰ পক্ষ লোৱাৰ বাবে অসমবাসী ৰাইজ আৰু অসম গণ পৰিষদকে ধৰি বিভিন্ন জাতীয় সংগঠন আৰু বিজেপিৰ তৃণমূল পৰ্যায়ৰ বহু নেতা-কৰ্মীয়ে এই নিৰ্বাচনত আমাক সমৰ্থন আগবঢ়াইছে’।

Apply Now

সমাগত নিৰ্বাচনত তেওঁ মূল ইচ্ছ্যু সম্পৰ্কত কয়, ‘বৰ্তমানৰ বিজেপি চৰকাৰে যোৰহাট, শিৱসাগৰৰ অ’ এন জি চিৰ দুই-তিনিখন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাইছে। চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰিবৰ বাবে কংগ্ৰেছে ব্যৱস্থা কৰিব’।

বিজেপিয়ে পাঁচ বছৰ পূৰ্বে দিচাংমুখ আৰু ঢকুৱাখানা সংলগ্ন এখন দলঙৰ কথা ঘোষণা কৰিছিল। কিন্তু এই দলংখন বনোৱাটো বাদেই চাৰ্ভেৰে কাম নকৰিলে, তাৰোপৰি যোৰহাট মাজুলীৰ দলং আৰু ফৰলেনযুক্ত ৰাষ্ট্ৰীয় পথ চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেইয়া সম্পূৰ্ণ হৈ নুঠিল। যাৰ বাবে আন জিলাৰ তুলনাত যাতায়তৰ ক্ষেত্ৰত বহু পিছ পৰি ৰ’ল শিৱসাগৰ। এই ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম।  উল্লেখ্য যে সুশান্ত বৰগোহাঁই বিধায়ক হৈ থকা কাৰ্যকালত থাওৰা সমষ্টিত বহুকেইখন দলঙৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰি তুলিছিল।

তেওঁ কয় আমাৰ ইয়াত দেখা দিয়া আন এটা ডাঙৰ সমস্যা হল নিবনুৱা সমস্যা। আৰু এই নিবনুৱা সমস্যাৰ প্ৰধান কাৰণটো হল  ৰাজনৈতিক পৃষ্ঠপোষকতা অ’ এন জি চিত চলি থকা চিণ্ডিকেটৰাজ। যাৰ বাবে নতুন  প্ৰজন্মৰ বহু ল’ৰাৰ অ’ এন জি চিত কামবন লাভ কৰিব পৰা নাই। কেৱল বিজেপি নেতাৰ নেতৃত্বত আৰু চত্ৰছায়াত চলা চিণ্ডিকেট ব্যৱস্থাৰ বাবে একেখিনি ল’ৰাই কাম লাভ কৰি আহিছে।

যোৱা পাঁচটা বছৰে একো উন্নয়নয়েই কৰিব নোৱাৰিলে বিজেপি চৰকাৰ খনে। পেট্ৰ’লিয়াম ইনষ্টিটিউটৰ কাম আধাৰুৱা হৈ ৰ’ল।থাওৰাত নিৰ্মিত অ’ এন জি চিৰ চুপাৰ স্পেচিয়েলিতি হাস্পতালখনৰ  ৪০/৫০ শতাংশ কাম সম্পন্ন হৈছে যদিও এতিয়া আৰ এছ এছৰ হাতত গতাই দিয়া হৈছে। যদি মই জয়ী হও এই হাস্পতালখনক আৰ এছ এছৰ কবলৰ পৰা মুক্ত কৰি তাত কাম বন কৰিবলৈ সৰ্বসাধাৰণ ৰাইজ তথা স্থানীয় যুৱকে যাতে সুবিধা পাই তাৰ ব্যৱস্থা কৰিম বুলি তেওঁ মন্তব্য কৰে।

মোদী ডাঙৰীয়াই বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে কিন্তু ঘোষণা নকৰিলে আৰু বানপানী গড়াখহনীয়াৰ বাবে যি পুঁজি দিব লাগিছিল সেই পুঁজি আবন্টন নিদিলে যাৰ বাবে বান গড়াখহনীয়াৰ বাবে বহু অঞ্চল নি:শেষ হৈ যোৱাৰ পথত। যদি নিৰ্বাচনত জয়ী হও শিৱসাগৰৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰি শিৱসাগৰত এখন পৰ্যটন নগৰী হিচাপে গঢ়ি তুলিম।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd