• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কানাডাৰ স্কুলত গুলীচালনাৰ ঘটনাৰ আঁৰত ১৮ বছৰীয়া যুৱতী; কিয় সংঘটিত কৰে এনে জঘন্য কাণ্ড?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2026 10:25 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কানাডাৰ পশ্চিম প্ৰদেশ ব্ৰিটিছ কলম্বিয়াৰ এখন বিদ্যালয়ত গুলীচালনাৰ ঘটনাৰ সন্দেহযুক্ত হিচাপে ১৮ বছৰীয়া যুৱতীক আৰক্ষীয়ে চিনাক্ত কৰিছে। জেছি ভ্যান ৰুটচেলাৰ নামৰ যুৱতীগৰাকীয়ে বিদ্যালয়খনত গুলীচালনা কৰাৰ পূৰ্বে নিজৰ ঘৰতে মাতৃ আৰু সতীয়া ভাতৃক গুলীয়াই হত্যা কৰে। এই শোকাৱহ ঘটনাত আক্ৰমণকাৰীকে ধৰি মুঠ ৯জন লোক নিহত হয়। স্থানীয় আৰক্ষীয়ে বুধবাৰে এই তথ্য নিশ্চিত কৰে।

আৰক্ষীয়ে জনোৱা মতে, যোৱা মঙলবাৰে প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দুৰ্গম চহৰ টাম্বলাৰ ৰিজত সংঘটিত হৈছিল এই কাণ্ড। ১৮ বছৰীয়া জেছি দীৰ্ঘদিন ধৰি মানসিক স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল। ইয়াৰ পূৰ্বেও কেইবাবাৰো চিকিৎসাৰ বাবে আৰক্ষীৰ জিম্মাত লৈ যোৱা হৈছিল।

Apply Now

তদন্তকাৰীয়ে জনোৱা মতে, ঘৰতে মাক আৰু ভাতৃক হত্যা কৰাৰ পিছত জেছীয়ে পূৰ্বৰ স্কুললৈ গৈ আক্ৰমণ কৰে। তাতে এগৰাকী মহিলা শিক্ষয়িত্ৰী আৰু ১২ৰ পৰা ১৩ বছৰ বয়সৰ ৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়। এই আক্ৰমণৰ পিছত জেছিয়ে নিজেও আত্মহত্যা কৰে।

এই নৃশংস ঘটনাই সমগ্ৰ কানাডাতে শোকৰ ছাঁ পেলাইছে। প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে ইউৰোপ ভ্ৰমণৰ পৰিকল্পনা স্থগিত ৰাখি নিহতসকলৰ বাবে ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। তেওঁ কয়, ‘টাম্বলাৰ ৰিজৰ এই ঘটনাই সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছে। আমি এই দুখ অতিক্ৰম কৰিম আৰু ইয়াৰ পৰা শিক্ষা ল’ম।’

তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, ঘটনাস্থলীৰ পৰা এটা লং গান আৰু এটা মডিফাইড হেণ্ডগান উদ্ধাৰ কৰা হৈছে। জেছিৰ আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ আছিল যদিও যোৱা বছৰ সেই অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি গৈছিল। ইয়াৰ পূৰ্বে আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছিল যদিও আইনী প্ৰক্ৰিয়াৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ ঘূৰাই দিয়া হৈছিল। আৰক্ষীয়ে জনোৱা মতে, জেছিয়ে আগতে বিদ্যালয়খনত পঢ়িছিল যদিও চাৰি বছৰ পূৰ্বে বিদ্যালয় এৰিছিল।

এই আক্ৰমণত আহত একাংশৰ অৱস্থা এতিয়াও সংকটজনক। ইয়াৰ ভিতৰত আছে চিকিৎসালয়ত জীৱনৰ বাবে যুঁজ দি থকা এগৰাকী ১২ বছৰীয়া কিশোৰী। কানাডাত সাধাৰণতে স্কুলত গুলীচালনাৰ ঘটনা বিৰল হোৱা বাবে এই হত্যাকাণ্ডৰ ফলত সুৰক্ষা আৰু বন্দুকৰ আইন সম্পৰ্কে পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে ২০২০ চনত নোভা স্কটিয়াত সংঘটিত গুলীচালনাত ২২ জন লোকৰ মৃত্যু হৈছিল, যিটো দেশখনৰ ইতিহাসৰ অন্যতম হিংসাত্মক ঘটনা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm
এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm
বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

June 30, 2026 8:10 pm
ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

June 30, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm
এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd