NORTHEAST NOW (Assamese)

ল’কডাউনৰ মাজতে কাজিৰঙাত নগদ ধনসহ সন্দেহজনক গাড়ী চোৰ আটক

March 30, 2020 8:39 am · উত্তম শইকীয়া
Updated: March 30, 2020 8:40 am

ল’কডাউন চলি থকাৰ মাজতে আত্মগোপনৰ বাবে কাজৰিঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশৰ চেষ্টা চলোৱা গাড়ী চুৰিৰ সৈতে জড়িত দুজন লোকক আটক কৰি দেওবাৰে জে’ললৈ প্ৰেৰণ কৰা হয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ হাতত আটক হোৱা লোক দুজনক উত্তৰ প্ৰদেশৰ দেউৰীয়া জিলাৰ অজিত যাদৱ আৰু ৰঞ্জিত তীৱাৰী বুলি চিনাক্ত কৰা হৈছে। লোক দুজনৰ পৰা বনকৰ্মীয়ে নগদ ৫৫ হাজাৰ টকা উদ্ধাৰ কৰে।

 

জানিব পৰা মতে গাড়ী চোৰ আৰু এটা আন্তঃৰাজ্যিক প্ৰৱঞ্চকৰ দলৰ সদস্য এই ব্যক্তি দুজনে ট্ৰাকৰ চালকক প্ৰৱঞ্চনা কৰি ৫৫ হেজাৰ টকালৈ উধাও হৈছিল আৰু নিশা বুঢ়াপাহাৰ হৈ  উদ্যানৰ ভিতৰত সুমাই।

কৰ্মৰত বনকৰ্মীসকলে লোক দুজনক দেখা পাই কৰায়ত্ত কৰে আৰু দেওবাৰে কলিয়াবৰৰ আদালতত হাজিৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে। বনকৰ্মীৰ আগত তেওঁলোকে গাড়ী চুৰি কাৰ্য্যত জড়িত স্বীকাৰ কৰে।

ধৃত ব্যক্তি দুজনৰ সবিশেষ উলিয়াবৰ বাবে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিছে কলিয়াবৰ আদালতে।

Related News