NORTHEAST NOW (Assamese)

আৰক্ষীৰ গুলীত নিহত সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ী

October 10, 2022 10:32 am · এন ই নাও নিউজ, গুৱাহাটী

Drug dealer killed in police firing দেওবাৰে তিনিচুকীয়া জিলাত আৰক্ষীৰ গুলীত এজন সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ী নিহত হয়। ঘটনাটো সংঘটিত হয় তিনিচুকীয়া জিলাৰ টংগোনা ছেঙাপথাৰ অঞ্চলত।

অভিযোগ অনুসৰি তেওঁৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰাৰ পিছত আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ীজনৰ ওপৰত গুলী চলাইছিল।

লগতে পঢ়ক: ধৰ্ষণৰ বলি অন্ত:সত্তা যুৱতীক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ; তিনি অভিযুক্তৰ সন্ধানত আৰক্ষী

“এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে টংগোনা গাঁৱৰ এটা ঘৰত তালাচী চলাইছিল, য’ত চাৰিজন সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ী মিলিত হৈছিল। আৰক্ষী দলক দেখি তেওঁলোকে শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল,”-এজন বিষয়াই দাবী কৰে।

শিল নিক্ষেপ কৰাৰ পিছত আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ীকেইজনৰ ভৰিলৈ লক্ষ্য কৰি গুলী চালনা কৰে।

“তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অত্যাধিক ৰক্তক্ষৰণৰ ফলত চিকিৎসালয়লৈ অনাৰ সময়তে তেওঁ মৃত্যুবৰণ কৰে,”-বিষয়াজনে কয়।

লগতে পঢ়ক: Microplastics in human breast milk: মাতৃদুগ্ধত প্লাষ্টিক! মাতৃসকলে শীঘ্ৰেই কি কৰা উচিত? কি পৰামৰ্শ বিজ্ঞানীসকলৰ?

আৰক্ষীৰ গুলীত এজন সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ী নিহত হোৱাৰ বিপৰীতে আন তিনিজনক গ্ৰেপ্তাৰ কৰা হয়।

Related News