NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ ৰিপু সংৰক্ষিত বনাঞ্চলত এন ডি এফ বি(এছ)ৰ ২জন কেডাৰ আটক

December 10, 2018 5:11 pm · ৰিনয় বসুমতাৰী
Updated: December 10, 2018 5:57 pm

কোকৰাঝাৰ জিলাৰ ৰিপু সংৰক্ষিত বনাঞ্চলত আজিৰ পুৱাৰ ভাগত কোকৰাঝাৰ আৰক্ষী আৰু ২১০ নং বেটেলিয়ন কোবৰা বাহিনীয়ে এক যুটীয়া অভিযান চলাই দুজন সন্দেহযুক্ত এন ডি এফ বি(এছ)ৰ কেডাৰক আটক কৰে।

আটকাধীন কেডাৰ দুজনক কোকৰাঝাৰ জিলাৰ ছেফ্ৰাংগুৰী আৰক্ষী থানাৰ অন্তৰ্গত হাজৰিকা গাঁৱৰ বিৰহাং ৱাৰিৰ পুত্ৰ ৰবিন ৱাৰি উৰফে ৰৌ ৰৌ (২৪) আৰু চিৰাং জিলাৰ চিদ্লী আৰক্ষী থানাৰ অন্তৰ্গত গেলাবাৰী গাঁৱৰ জোনা নাৰ্জাৰীৰ কন্যা ৰিছিমা নাৰ্জাৰী (১৮) উৰফে এন ৰুজু বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পৰা ৰিপু সংৰক্ষিত বনাঞ্চলত এন ডি এফ বি(এছ)ৰ কেডাৰৰ উপস্থিতি সন্দৰ্ভত খবৰ লাভ কৰি আৰক্ষী আৰু কোবৰা বাহিনীয়ে আজি পুৱা প্ৰায় ৫:৪৫ বজাত বনাঞ্চলখনত যুটীয়া অভিযান চলায়।

ছেফ্ৰাংগুৰী আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে ধৃত কেডাৰ দুগৰাকীৰ পৰা দুটা হেণ্ড গ্ৰেণেড, নগদ ১৪৫০ টকা আৰু দুটা পিঠিত লোৱা বেগ জব্দ কৰা হৈছে।

সপ্ৰতি নিৰাপত্তা বাহিনীয়ে জেৰা চলাই থকা ধৃত সদস্য দুজন এন ডি এফ বি (এছ)ৰ ৪২ নং গোটৰ কেডাৰ বুলি জানিব পৰা গৈছে। নিৰাপত্তা বাহিনীয়ে জনোৱা মতে ধৃত কেডাৰ দুগাৰাকী ধন দাবী, সংগঠনটোত নতুন সদস্য ভৰ্তিৰ লগতে কোকৰাঝাৰ নগৰত বিভিন্ন অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িত।

Related News