NORTHEAST NOW (Assamese)

শিৱসাগৰত সেনাৰ দ্বাৰা সন্দেহযুক্ত আলফা সদস্য আটক

January 12, 2019 6:55 am · পার্শ্বজোতি গগৈ
শিৱসাগৰৰ হালুৱাটিং অঞ্চলত সেনাই আটক কৰা সন্দেহযুক্ত আলফা সদস্য ভূটাংগ মেছ। ফটো : নৰ্থইষ্ট নাও

শিৱসাগৰৰ গেলেকী আঠখেল আৰ্মী কেম্পৰ দেও ডিভিজনে হালুৱাটিং অঞ্চলত শুকুৰবাৰে সেনাই এজন সন্দেহযুক্ত আলফা সদস্যক আটক কৰে।

আঠখেল আৰ্মী কেম্পৰ সেনাৰ এটা দলে হালুৱাটিং অঞ্চলত চলোৱা এক অভিযানত ভুটাংগ মেছ নামৰ আলফা সদস্য জনক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, শিৱসাগৰ জিলাৰ আমগুৰি  হালুৱাটিং বংগালী বাগান গাঁৱৰ ধনেশ্বৰ মেছৰ ৫৮ বছৰীয়া পুত্ৰ ভুটাংগ মেছক সেনাবাহিনীয়ে আটক কৰে।

ইপিনে,ধৃত সদস্যজনৰ পৰা সেনাৰ দলটোৱে আমেৰিকাত নিৰ্মিত এটা ০.২২ পিষ্টল, এক ৰাউণ্ড মেগাজিনৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

জানিব পৰা মতে, অসম-নাগালেণ্ড ম্যানমাৰ সীমান্তৰ পৰা আলফা আৰু এন এছ  চি এনক বন্দুক বাৰুদ যোগান ধৰাৰ লগতে নতুন সদস্য ভৰ্তিত এই জন সদস্যই পূৰ্ণ সহযোগ কৰিছিল। বৰ্তমান সেনাই ধৃত সন্দেহযুক্ত আলফা সদস্যজনক হালুৱাটিং আৰক্ষীৰ হাতত গতাই দিছে।

Related News