ৰাজ্যই সুঁৱৰিছে ৮৫৫জন বীৰ শ্বহীদক, টীয়কত অসম গণ পৰিষদৰ শ্বহীদ দিৱস পালন

আজি ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসত অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক ৰাজ্যই শ্ৰদ্ধাৰে সুঁৱৰিছে। প্ৰতিবছৰে এই দিনটোত ছয় বছৰীয়া অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা ৮৫৫ জন শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰি আহিছে ৰাজ্যবাসীয়ে।

অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। ১৯৭৯ চনৰ ১০ ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰে অসম আৰু অসমীয়াৰ বাবে হোৱা সৰ্ববৃহৎ গণ আন্দোলনৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হয় ।

এই ঘটনাৰ পিছতেই প্ৰথমে অহিংস ভাৱেই আৰম্ভ হোৱা আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰে। ফলত আৰু ৮৫৪ জনে অসম আন্দোলনত প্ৰাণ আহুতি দিয়ে। খৰ্গেশ্বৰ তালুকদাৰকে ধৰি অসম আন্দোলনত শ্বহীদ হয় মুঠ ৮৫৫ জন।

আজি টীয়কৰ  ভগামুখত ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি ভৱনত অসম গণ পৰিষদৰ টীয়ক বিধান পৰিষদে  শ্বহীদ দিৱস পালন কৰে ।

অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই। শ্বহীদ তৰ্পন কৰে অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য পৰেশ বৰাই ।

অনুষ্ঠানত ললিত চন্দ্ৰ ৰাজখোৱা সমাধিস্থলত বন্তি প্ৰজ্বলন কৰে টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই । ইয়াৰ পাছতে ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি ভৱনত  টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াৰ সভাপতিত্বত এখন  শ্বহীদ স্মৰণ সভা অনুষ্ঠিত হয়।  

আজি এই শ্বহীদ দিৱস অনুস্থানত অগপৰ কেন্দ্ৰীয় সাধৰণ পৰিষদৰ সদস্য প্ৰশান্ত বৰা,  যোৰহাট জিলা সম্পাদক দ্বিপেন বৰগোঁহাই, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ  সম্পাদক প্ৰাণজিত হাজৰিকা, টীয়ক বিধান পৰিষদৰ সম্পাদকদ্বয় মহেন্দ্ৰ গগৈ আৰু দীপক বৰা , অসম যুৱ পৰিষদৰ টীয়ক বিধান পৰিষদৰ সভাপতি অৰ্পূৱ ভূঞা , সম্পাদক অৰূপ শইকীয়া , কলীয়াপানী  উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পুণ্য কোঁচ, ভগামুখ পঞ্চায়তৰ সভানেত্ৰী মেঘালী বৰা, বামুণ পুখুৰী পঞ্চায়তৰ সভানেত্ৰী ৰেখা ভট্টাচাৰ্য্য  উপস্থিত থাকে ।