অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Swara Bhasker

পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি যোৱাৰ পাছতে বলীউডৰ চুপাৰষ্টাৰ ছলমান খানলৈ অহা মৃত্যুৰ ভাবুকিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এক বেনামী পত্ৰ যোগে অভিনেতা গৰাকীক মৃত্যুৰ ভাবুকি দিছিল অচিনাক্ত দুৰ্বৃত্তই।

ছলমান খানৰ পিছত এইবাৰ বলীউড অভিনেত্ৰী স্বাৰা ভাস্কৰলৈও আহিছে একেধৰণৰ ভাবুকি। স্পীড পোষ্টৰ জৰিয়তে অভিনেত্ৰী গৰাকীৰ বাসগৃহলৈ প্ৰেৰণ কৰা এখন বেনামী পত্ৰত স্পষ্টকৈ মৃত্যুৰ ভাবুকি দিয়া হৈছে।

মুম্বাইৰ ভাৰ্ছোভাত অৱস্থিত অভিনেত্ৰীগৰাকীৰ বাসগৃহলৈ কোনো অজ্ঞাত লোকে এই পত্ৰখন প্ৰেৰণ কৰিছে। এই ভাবুকি পত্ৰ লাভ কৰাৰ পিছতে স্বাৰাই ভাৰ্ছোভা আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

অভিনেত্ৰী গৰাকীৰ পৰা অভিযোগ লাভ কৰাৰ পিছতে মুম্বাই আৰক্ষীয়ে অচিনাক্ত দুৰ্বৃত্তৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।

হিন্দী ভাষাত লিখা পত্ৰখনত স্বাৰাক মূলত: সাভাৰকাৰ সন্দৰ্ভত অপমানজনক মন্তব্য নকৰিবলৈ সকীয়াই দি অভিনেত্ৰীগৰাকীক জীৱনৰ প্ৰতি পোনপটীয়াকৈ ভাবুকি দিয়া হৈছে।

পত্ৰখনৰ শেষৰফালে প্ৰেৰক গৰাকীয়ে ‘দেশৰ নতুন প্ৰজন্ম’ৰ নামত স্বাক্ষৰ কৰিছে আৰু দেশৰ যুৱক-যুৱতীসকলে বীৰ সাভাৰকাৰৰ অপমান সহ্য নকৰিব বুলি স্বাৰা ভাস্কৰক সকীয়নি প্ৰদান কৰিছে।

উল্লেখ্য যে অভিনেত্ৰীগৰাকীয়ে যোৱা কেইবাবছৰ ধৰি সামাজিক-ৰাজনৈতিক বিষয়বোৰত যথেষ্ট সৰৱ হৈ আহিছে। বিশেষকৈ কেন্দ্ৰৰ বিজেপি চৰকাৰ তথা দল আৰু হিন্দুত্ববাদী মহলক প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ভাস্কৰে।

কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ জনবিৰোধী নীতিৰ বিৰুদ্ধেও সোচ্চাৰ হৈ অহা অভিনেত্ৰীগৰাকীয়ে কৃষক আন্দোলন তথা কা বিৰোধী আন্দোলনতো সক্ৰিয় অংশগ্ৰহণ কৰিছিল।

বেনামী পত্ৰখনত স্বাৰা ভাস্কৰক মূলত: সাভাৰকাৰ সন্দৰ্ভত মন্তব্যৰ বাবে সকীয়াই দিয়া হৈছে। পূৰ্বে কেইবাবাৰো সাভাৰকাৰৰ নীতিক উপহাস কৰাৰ লগতে তীব্ৰ সমালোচনা কৰাৰ বাবেই তেওঁলৈ এই ভাবুকি প্ৰেৰণ কৰা হৈছে বুলিব পাৰি।

২০১৭ চনত তেওঁ এটা টুইটত লিখিছিল যে সাভাৰকাৰে ব্ৰিটিছ চৰকাৰৰ ওচৰত ক্ষমা বিচাৰিছিল। কাৰাগাৰৰ পৰা বাহিৰ কৰাবলৈ অনুৰোধ কৰিছিল! সেয়া নিশ্চিতভাৱে বীৰৰ লক্ষ্যণ নহয়।

২০১৯ চনতো অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি এক টুইট যোগে সাভাৰকাৰক আটাইতকৈ কাপুৰুষ ‘সাহসী’ বুজাবুজি “বীৰ” বুলি উপহাস কৰি সাভাৰকাৰক পৰিকল্পিতভাৱে কিদৰে নতুনকৈ গঢ় দিবলৈ চেষ্টা কৰা হৈছিল, সেয়া আঙুলিয়াই দিছিল।

ইয়াৰোপৰি আন কেইবাবাৰো তেওঁ নিজ মন্তব্যত সাভাৰকাৰক তীব্ৰ সমালোচনা কৰাৰ নজিৰ আছে।

দেশৰ হিন্দুত্ববাদী মহলৰ পিতামহ স্বৰূপ সাভাৰকাৰৰ প্ৰতি স্বাৰা ভাস্কৰৰ এই নিন্দা তথা সমালোচনাই স্বাভাৱিকতেই হিন্দুত্ববাদী মহলক ভাস্কৰৰ বিৰুদ্ধে ক্ষোভিত কৰি তুলিছিল। এই ক্ষোভৰ বহিৰ্প্ৰকাশ হিচাপেই যে অভিনেত্ৰীগৰাকীক এইদৰে ভাবুকি দিয়া হৈছে ই নিশ্চিত।