NORTHEAST NOW (Assamese)

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

January 22, 2021 6:44 pm · মুৰলী বৰুৱা

আজি নগাঁওৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অসম চৰকাৰৰ অভিলাষী আঁচনি নৱৰূপত স্বয়মৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে।

অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, নৱৰূপত স্বয়ম এক অভিলাষী আৰু গুৰুত্বপূৰ্ণ আঁচনি।

এই আঁচনিৰ জৰিয়তে আমাৰ যুৱক-যুৱতী আৰু মহিলা সকল স্বাৱলম্বীতাৰ দিশে এখোজ আগবাঢ়ি যাব আৰু তেওঁলোকৰ নিজৰ নিজৰ জীৱিকাৰ পথ মুকলি কৰিবলৈ সক্ষম হব।

তেওঁ লগতে কয় যে, এই আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল হব আৰু উৎপাদনৰ গতি উৰ্ধমুখী হব।

সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই তেওঁৰ ভাষণত কয় যে, এই আঁচনিৰ জৰিয়তে উঠি অহা প্ৰজন্ম আত্মনিভৰশীল আৰু স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব।

উল্লেখযোগ্য যে, আজি আনুষ্ঠানিক ভাৱে ৮ টা আত্মসহায়ক গোটক আৰ্থিক সাহাৰ্য্য এই আঁচনিৰ জৰিয়তে প্ৰদান কৰা হয়।

সমগ্র জিলাখনতে মুঠ ৪৫৩ টা আত্মসহায়ক গোটক এই আঁচনিৰ জৰিয়তে আর্থিক অনুদান প্ৰদান কৰা হব।

সভাত আদৰণী ভাষণ আগবঢ়ায় জিলা উপায়ুক্ত কভিথা পদ্মনাভণে।

সভাত জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

Related News