বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি চাহ বাগিচাৰ সৌজন্যত চাহ বাগিচাৰ চৌহদত আজি ৰাতিপুৱা দহ বজাত ভাৰত চৰকাৰৰ সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এম এছ এম ই) মন্ত্ৰনালয়ৰ অন্তৰ্গত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধীনস্থ তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘই পৰিচালনা কৰা খাদী গ্ৰামোদ্যগ বিদ্যালয়ৰ উদ্যোগত এখন উদ্যোগিক সজাগতা সভা অনুষ্ঠিত হৈ যায়।
নাগ্ৰীজুলি চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক প্ৰদীপ তিৱাৰীয়ে সঞ্চালনা কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰি কুমাৰীকাটা আঞ্চলিক গ্ৰামদান সংঘৰ জ্যেষ্ঠ কৰ্মচাৰী খগেন বৈশ্যই খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগমুখী বিভিন্ন নীতি আৰু আঁচনিৰ বিষয়ে বিতংকৈ বুজাই কয়।
লগতে খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগমুখী প্ৰধান মন্ত্ৰী স্বনিয়োজন আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতী সকলে কেনেকৈ উদ্যোগ স্থাপনৰ কৰি স্বনিৰ্ভৰশীল হ’ব পাৰে তাৰ ওপৰতো বক্তব্য ৰাখে৷
উদ্যোগিক সজাগতা সভাখনত খাদী আৰু গ্ৰামোদ্যোগ বিদ্যালয়ৰ উপাধ্যক্ষ যাদৱ পাঠকে তেওঁৰ বক্তব্যত প্ৰকাশ কৰে যে- কুমাৰীকাটাত অৱস্থিত খাদী গ্ৰামোদ্যোগ বিদ্যালয়ত কাপোৰ বোৱা, সুতা কটা, সৰিয়হ তেলৰ ঘাণী, মৌ-মাখি পালন আদি বিভিন্ন শাখাত বিনামূলীয়া প্ৰশিক্ষণ চলি আছে। বিদ্যালয় খনত যোগাযোগ কৰি ইচ্ছুক নিবনুৱা যুৱক- যুৱতী সকলে প্ৰশিক্ষণ গ্ৰহণ কৰি উপকৃত হ’ব পাৰে।
আজিৰ এই সজাগতা সভাখনত খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ দুলাল সাহায়ো বিভিন্ন দিশ সামৰি বক্তব্য প্ৰদান কৰে। তামুলপুৰৰ উলুবাৰী গাঁৱৰ উদ্যোগী যুৱক বাবু ৰাম বড়োই মৌ-পালনৰ ওপৰি বিভিন্ন উদ্যোগ স্থাপন কৰি কেনেদৰে লাভবান হব পাৰি তাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে৷
মৌ-মাখি পালন বিশেষজ্ঞ কৈলাশ বৰ্মনেও মৌ-মাখি পালনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে।
সভাত নাগ্ৰীজুলি চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক প্ৰদীপ তিৱাৰীৰ ধৰ্মপত্নী লতা তিৱাৰী, বাগিচাৰ জ্যেষ্ঠ সহকাৰী পৰিচালক মিলন শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তি আৰু শতাধিক যুৱক-যুৱতী অংশগ্ৰহণ কৰে।