২০০৭ চনত কুকুৰৰ মৃতদেহৰ সৈতে পয়গম্বৰ মহম্মদৰ কাৰ্টুন অংকনৰ দ্বাৰা বিশ্বজুৰি বিতৰ্কৰ সৃষ্টি কৰা ছুইডিছ শিল্পী লাৰ্ছ ভিল্কছ দেওবাৰে দক্ষিণৰ মাৰ্কাৰিড চহৰৰ ওচৰত এক গাড়ী দুৰ্ঘটনাত নিহত হয়।
কাৰ্টুন প্ৰকাশ হোৱাৰ পিছৰে পৰা আৰক্ষীৰ সুৰক্ষাত থকা ৭৫ বছৰীয়া ভিল্কছে আৰক্ষীৰ বাহনত যাত্ৰা কৰা অৱস্থাত এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়।এই দুৰ্ঘটনাত দুজন আৰক্ষী বিষয়াও নিহত হৈছে।
“এয়া এক অতি শোকাৱহ ঘটনা। এতিয়া আমাৰ সকলোৰে বাবে এইটো গুৰুত্বপূৰ্ণ যে কি ঘটিছিল আৰু কি কাৰণত সংঘৰ্ষ হৈছিল তাৰ অনুসন্ধান কৰি দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰা।” ছুইডিছ আৰক্ষীয়ে সোমবাৰে এক বিবৃতিত কয়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰথমে এইয়া এক হত্যাকাণ্ড বুলি জল্পনা-কল্পনা হৈছিল যদিও ইয়াৰ সম্ভাৱনা নাকচ কৰিচে ছুইডিচ আৰক্ষীয়ে।
উল্লেখ্য যে এই কাৰ্টুনবোৰ প্ৰকাশ হোৱাৰ পাছৰে পৰা ভিল্কছে তেওঁৰ জীৱনৰ বিৰুদ্ধে ভাবুকি লাভ কৰে আৰু পিছত আৰক্ষী সুৰক্ষা আৱেষ্টনীত বাস কৰি আছিল। কট্টৰ মুছলিম সংগঠনৰ দ্বাৰা তেওঁৰ ওপৰত ফটোৱা জাৰি কৰা হৈছিল আৰু তেওঁৰ ঘৰত বোমা বিস্ফোৰণ কৰা হৈছিল।
২০১৫ চনত ডেনমাৰ্কৰ কোপেনহেগেনত ব্ৰিটিছ লেখক ছলমান ৰুশ্দীৰ বিৰুদ্ধে ইৰানী ফতোৱাৰ ২৫ তম বাৰ্ষিকী উপলক্ষে আধাৰিত এখন সভাত এজন লোক নিহত হৈছিল, য’ত ভিল্কছে অংশগ্ৰহণ কৰিছিল।
ভিল্কক ব্যাপকভাৱে আক্ৰমণৰ লক্ষ্য হিচাপে লোৱা দেখিবলৈ পোৱা গৈছিল।
অৱশ্যে ভিল্কছে মন্তব্য কৰিছিল যে কাৰ্টুনবোৰ মুছলমানসকলক উত্তেজিত কৰাৰ উদ্দেশ্যে নহয়, কলাৰ মাধ্যমেৰে ৰাজনৈতিক বিতৰ্কক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যেহে এই কাৰ্টুন অংকন কৰা হৈছিল।