গ্ৰাহকক আইচক্ৰীম নিদিয়াকৈয়ে দেখুৱালে ‘ডেলিভাৰ্‌ড’!আদালতে ছুইগীক বিহিলে জৰিমনা

জনপ্ৰিয় অনলাইন ফুড ডেলিভাৰী কোম্পানী ছুইগীক বাংগালুৰুৰ কনজিউমাৰ আদালতে ৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। অভিযোগ অনুসৰি আইচক্ৰীমৰ অৰ্ডাৰ লোৱাৰ পাছতো তেওঁলোকে গ্ৰাহকৰ ঘৰত ডেলিভাৰী কৰা নাছিল।উপভোক্তা যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত শাস্তিৰ সন্মুখীন হ’বলগীয়া হয় ছুইগী।

২০২৩ চনত এই সংস্থাটোৰ বিৰুদ্ধে গ্ৰাহক আদালতত গোচৰ ৰুজু কৰিছিল যুৱতীগৰাকীয়ে। তেওঁৰ মতে, তেওঁ ছুইগিৰ পৰা এটা আইচক্ৰীম অৰ্ডাৰ কৰিছিল। মূল্য আছিল ১৮৭ টকা। কিন্তু সময়ৰ উকলি পাছতো অৰ্ডাৰ ঘৰত উপনীত নহ’ল। এবাৰ সেই এপটোত যুৱতীগৰাকীয়ে দেখিলে, তেওঁ অৰ্ডাৰ কৰা আইচক্ৰীমটোৰ কাষত লিখা আছিল ‘ডেলিভাৰড’। অৰ্থাৎ এপটোৱে কয় যে আইচক্ৰীম তেওঁৰ ঘৰত ডেলিভাৰড হৈছে। অৱশ্যে তেওঁ দাবী কৰে যে তেওঁ কোনো আইচক্ৰীম লাভ কৰা নাছিল।

যুৱতীগৰাকীয়ে কয় যে তেওঁৰ ঠিকনাত খাদ্য ডেলিভাৰী কৰিবলৈ নিযুক্তি দিয়া ‘ডেলিভাৰী বয়’জনে সংশ্লিষ্ট ৰেষ্টুৰেণ্টখনৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল। ছোৱালীজনীয়ে এপটোত আনুষংগিক আপডেটবোৰো চাব পাৰিছিল। কিন্তু তাৰ পাছত ‘ডেলিভাৰী বয়’জন গ্ৰাহকজনৰ ঘৰত আইচক্ৰীম ডেলীভাৰী কৰাত ব্যৰ্থ হয়৷

ছুইগীৰ পৰা কোনো সহায় নোপোৱাত যুৱতীগৰাকীয়ে বাংগালুৰুৰ গ্ৰাহক আদালতত গোচৰ ৰুজু কৰে। ছুইগীৰ অধিবক্তাই যুক্তি দিছিল যে কোম্পানীটো কেৱল ক্ৰেতা আৰু বিক্ৰেতাৰ মাজৰ মধ্যস্থতাকাৰীহে। ‘ডেলিভাৰী বয়’ৰ ভুলৰ দায়িত্ব ল’ব নোৱাৰিব। ছুইগীৰ অধিবক্তাই লগতে কয় যে অৰ্ডাৰ ‘ডেলিভাৰী’ হোৱাৰ পাছত ক’ত আৰু কি অৱস্থাত আছে সেয়া কোম্পানীটোৰ বাবে সম্ভৱ নহয়। কিন্তু আদালতে ছুইগীৰ আবেদন নাকচ কৰে। আদালতে শুনানি গ্ৰহণ কৰি কয় যে অৰ্ডাৰ কৰা খাদ্য নিৰ্দিষ্ট ঠিকনাত উপনীত হোৱা নাছিল, আৰু ছুইগীয়ে এই কথা জানিও ধন ঘূৰাই নিদিলে। তাৰ দায়িত্ব ল’ব লাগিব৷ কোম্পানীটোক ক্ষতিপূৰণ হিচাপে ৩ হাজাৰ টকা আৰু গোচৰৰ খৰচৰ দিশত আৰু ২০০০ টকা দিবলৈ কোৱা হৈছে। ইয়াৰ উপৰিও ছুইগীয়ে আইচক্ৰীমৰ ১৮৭ টকাৰ দাম বাদীক ঘূৰাই দিব।