• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডেৰ বছৰত ৩ লাখ লোকক কৰ্মসংস্থাপন দিব Swiggyয়ে; দেশৰ তৃতীয় বৃহৎ কৰ্মসংস্থাপন প্ৰদানকাৰী হোৱাৰ পথত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 21, 2019 9:14 pm

2 min read

swiggy boy

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

5k
VIEWS
Share on FacebookShare on Twitter

অনলাইন খাদ্য যোগান ধৰা প্ৰতিষ্ঠান Swiggyয়ে আহিবলগীয়া ১৮ মাহৰ ভিতৰত ৩ লাখ লোকক নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

প্ৰতিষ্ঠানটোৰ পৰিকল্পনা কাৰ্য্যকৰী হ’লে তেওঁলোকৰ মুঠ কৰ্মচাৰীৰ সংখ্যা ৫ লাখৰো অধিক হ’ব বুলি জানিব পৰা গৈছে।

Swiggyয়ে দাবী কৰা মতে তেওঁলোক ভাৰতীয় ৰে’লৱে আৰু ভাৰতীয় সেনাৰ পাছত সৰ্বাধিক নিয়োগকাৰী প্ৰতিষ্ঠানত পৰিগণিত হ’ব।

‘‘বৰ্তমানৰ দৰে আমাৰ প্ৰতিষ্ঠানৰ বৃদ্ধি হৈ থাকিলে আহিবলগীয়া কিছু বছৰৰ ভিতৰতে আমি ভাৰতীয় ৰে’লৱে আৰু সেনাৰ পাছত তৃতীয় নিয়োগকাৰী সংস্থাত পৰিণত হম,’’ এখন বৈঠকত Swiggyৰ সহ প্ৰতিষ্ঠাপক তথা চিইঅ’ শ্ৰীহৰ্ষ মজেটীয়ে এনেদৰে কয়।

২০১৮ চনলৈ ভাৰতীয় সেনাবাহিনীয়ে ১২.৫ লাখ লোকক নিয়োগ কৰাৰ বিপৰীতে ভাৰতীয় ৰে’লৱে ১২ লাখ লোকক নিয়োগ প্ৰদান কৰি আহিছে।

বৰ্তমানলৈ ৪.৫ লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰি আইটি কোম্পানী টিচিএছে তৃতীয় স্থান অধিকাৰ কৰি আছে।

Swiggyয়ে যদি কৰ্মসংস্থাপন ৫ লাখলৈ বৃদ্ধি কৰিবলৈ সক্ষম হয় তেনেহ’লে তেওঁলোক নিয়োগ প্ৰদানকাৰী দেশৰ তৃতীয় সৰ্বাধিক প্ৰতিষ্ঠানত পৰিণত হ’ব।

উল্লেখযোগ্য যে, বাকী তিনিটা বিভাগ তথা প্ৰতিষ্ঠানত আৰু Swiggyত চাকৰি কৰাৰ মাজত পাৰ্থক্য আছে। বাকী বিভাগ কেইটাত কৰ্মচাৰী সকল নিয়মীয়া চাকৰিয়াল হোৱাৰ লগতে সকলোধৰণৰ সা-সুবিধা ভোগ কৰে।

আনহাতে, Swiggyয়ে ফোন ক’ল আৰু ডেলিভাৰীৰ বাবে সৰ্বাধিক লোক নিয়োগ কৰে য’ত কৰ্মচাৰী সকলক কামৰ অনুপাতে দৰমহা দিয়া হয়। Swiggyত বৰ্তমান ২.১ লাখ সক্ৰিয় ডেলিভাৰী ষ্টাফ থকাৰ লগতে ৮,০০০ স্থায়ী কৰ্পোৰেট কৰ্মচাৰী আছে।

Swiggyৰ প্ৰতিদ্বন্দ্বি কোম্পানী Zomatoৰ সৈতে ছেপ্টেম্বৰ মাহলৈ ২.৩ লাখ ডেলিভাৰী ষ্টাফ থকাৰ বিপৰীতে ফ্লিপকাৰ্টৰ সৈতে ১ লাখ ডেলিভাৰী ষ্টাফ জড়িত হৈ আছে।

মজেটীয়ে আহিবলগীয়া ১০-১৫ বছৰৰ ভিতৰত তেওঁলোকৰ সক্ৰিয় গ্ৰাহকৰ সংখ্যা ১০ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে যিসকল গ্ৰাহকে মাহত অতি কমেও ১৫ বাৰ তেওঁলোকৰ প্লেটফৰ্মলৈ আহিব।

মজেটীয়ে ভাৰতৰ ৫০০ চহৰত সেৱা আগবঢ়োৱা Swiggyত প্ৰতিবছৰে ৫০ কোটি খাদ্যৰ অৰ্ডাৰ আহে বুলি জানিবলৈ দিয়ে।

 

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd