• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টি-২০ বিশ্বকাপ ২০২৬: ৱেষ্ট ইণ্ডিজৰ ঐতিহাসিক জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2026 8:56 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টি–২০ বিশ্বকাপ ২০২৬ৰ পঞ্চম দিনটোত ক্ৰিকেটপ্ৰেমীয়ে কেইবাটাও ৰোমাঞ্চকৰ মুহূৰ্ত উপভোগ কৰে। দিনটোৰ তৃতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ইংলেণ্ডক ৩০ ৰাণত পৰাস্ত কৰি এক ঐতিহাসিক জয় সাব্যস্ত কৰে। এই জয়ৰ জৰিয়তে ইংলেণ্ডৰ বিৰুদ্ধে টি–২০ বিশ্বকাপত ১০ বছৰৰ বিৰতিৰ পাছত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰিলে কেৰিবিয়ান বাহিনীয়ে। ইয়াৰ পূৰ্বে ২০১৬ চনৰ ফাইনেলত শেষবাৰৰ বাবে ইংলেণ্ডক পৰাস্ত কৰিছিল ৱেষ্ট ইণ্ডিজে।

মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ১৯৬/৬ ৰাণ সংগ্ৰহ কৰে। শ্বাৰফেন ৰাডাৰফৰ্ডে মাত্ৰ ৪২টা বলত অপৰাজিত ৭৬ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি দলৰ ভেটি মজবুত কৰে। আনহাতে ৰষ্টন চেজে ৩৪ আৰু জেচন হ’ল্ডাৰে ৩৩ ৰাণৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ইংলেণ্ডৰ হৈ আদিল ৰছিদে ৪ অভাৰত ১৬ ৰাণত ২ উইকেট দখল কৰি আটাইতকৈ সফল বলাৰ হিচাপে পৰিগণিত হয়।

Apply Now

১৯৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে ১৯ অভাৰত ১৬৬ ৰাণতে অল আউট হয়। ফিল ছল্টে ৩০, জেকব বেথেলে ৩৩ আৰু ছেম কাৰাণে অপৰাজিত ৪৩ ৰাণ কৰিলেও দলটোক জয়ৰ দিশে নিব নোৱাৰিলে। ৱেষ্ট ইণ্ডিজৰ স্পিনাৰসকলে উজ্জ্বল প্ৰদৰ্শন কৰি ইংলেণ্ডৰ বেটিং লাইনআপ কৰে। গুডাকেশ মটিয়ে ৩টা আৰু চেজে ২টা উইকেট দখল কৰে। ৰাডাৰফৰ্ডক ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ বঁটা প্ৰদান কৰা হয়।

ইফালে, কলম্বোৰ আৰ. প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই আয়াৰলেণ্ডক ৬৭ ৰাণত পৰাস্ত কৰি বিজয়ী অভিযান আৰম্ভ কৰে। ১৮২ ৰাণৰ লক্ষ্য খেদি আয়াৰলেণ্ডে ১৬.৫ অভাৰত মাত্ৰ ১১৫ ৰাণতে সকলো উইকেট হেৰুৱায়। অষ্ট্ৰেলিয়াৰ হৈ নাথান এলিছ আৰু এডাম জাম্পাই বিধ্বংসী বলিং কৰি ৪টাকৈ উইকেট দখল কৰে। নাথান এলিছক ‘প্লেয়াৰ অৱ দ্য মেচ’ ঘোষণা কৰা হয়। বেটিংত জোছ ইংলিছে ৩৭, মেট ৰেনশ্ব’ৱে ৩৭ আৰু মাৰ্কাছ ষ্ট’ইনিছে ৪৫ ৰাণ সংগ্ৰহ কৰি দলটোক শক্তিশালী স্ক’ৰ প্ৰদান কৰে।

দিনটোৰ প্ৰথমখন খেল আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হয়, যিখন খেলে অতি নাটকীয় ৰূপ ধাৰণ কৰে। দুয়োটা দলৰ স্ক’ৰ টাই হোৱাত খেলখন ছুপাৰ অভাৰলৈ যায়। প্ৰথম ছুপাৰ অভাৰো টাই হোৱাত মেচখনৰ ফলাফলৰ বাবে ‘ডাবল ছুপাৰ অভাৰ’ৰ আশ্ৰয় ল’বলগীয়া হয়। শেষত দ্বিতীয় ছুপাৰ অভাৰত দক্ষিণ আফ্ৰিকাই ২৪ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে আফগানিস্তানে ১৯ ৰাণহে কৰিবলৈ সক্ষম হয়। ফলত দক্ষিণ আফ্ৰিকাই এই ৰোমাঞ্চকৰ মেচখনত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd