গোলাঘাটত ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান, স্বায়ত্ত শাসনৰ দাবীত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ
ফটো: নৰ্থইষ্ট নাও।
গোলাঘাটত টাই আহোম যুৱ পৰিষদে শুকুৰবাৰে প্ৰতিবাদ সাৱ্যস্ত কৰে।
টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত গোলাঘাট জিলা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত টাই আহোম সকলক ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু টাই আহোমক স্বায়ত্ব শাসন প্ৰদান কৰা দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।
গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয় সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ কৰা সংগঠনটোৱে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰে।
তেওঁলোকে লগতে নৰেন্দ্ৰ মোডী মূৰ্দাবাদ, অসম চৰকাৰ হায় হায়, টাই আহোমক জনজাতি মৰ্যাদা প্ৰদান কৰক আদি শ্লগানেৰে এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।
তদুপৰি, অতি শীঘ্ৰে এই দাবী সমূহ মানি ল’বলৈ চৰকাৰলৈ আহ্বান জনায়। অন্যথা গণতান্ত্ৰিক আন্দোলন হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।