• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তাজমহল বিতৰ্ক: আবেদন কৰ্তাক গৱেষণা কৰিবলৈ পৰামৰ্শ দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2022 5:30 pm
Taj Mahal row
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে চলি থকা তাজমহল বিতৰ্ক সন্দৰ্ভত আজি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ থেকেচা খালে হিন্দুত্ববাদী গোটে। তাজমহলত হিন্দুত্বৰ চাপ মাৰিবলৈ এচাম হিন্দুত্ববাদী গোটে চলাই থকাৰ মাজতে আজি লক্ষ্ণৌ বিচাৰপীঠে এই বিষয়ক এখন আবেদন খাৰিজ কৰে।

তাজমহলক পূৰ্বৰ হিন্দু মন্দিৰ বুলি প্ৰতিপন্ন কৰিবলৈ তাজমহলৰ ২২ টা বন্ধ কোঠা মুকলিৰ আদেশ বিচাৰি দাখিল কৰা আৱেদনখন নাকচ কৰি ন্যায়াধীশ ডি কে উপাধ্যায় আৰু সুভাষ বিদ্যাৰ্থীৰ বিচাৰপীঠে কয় পিআইএল প্ৰণালীক উপহাস নকৰিবলৈ উপদেশ দিয়ে।

Apply Now

উল্লেখ্য যে বিজেপিৰ যুৱ সংবাদ মাধ্যমৰ ভাৰপ্ৰাপ্ত ৰজনীশ সিঙে হিন্দু দেৱতাৰ মূৰ্তিৰ উপস্থিতি নিশ্চিত কৰিবলৈ তাজমহলৰ ২২ খন বন্ধ দুৱাৰৰ তদন্তৰ বাবে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপক নিৰ্দেশনা দিবলৈ অনুৰোধ জনাই লক্ষ্ণৌ বিচাৰপীঠৰ সন্মুখত এই আবেদন দাখিল কৰিছিল।

আবেদনখনৰ দ্বাৰা হিন্দুত্ববাদী নেতাজনে এখন তথ্য অনুসন্ধান সমিতি গঠনৰ লগতে আৰু ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ দ্বাৰা প্ৰতিবেদন দাখিলৰ প্ৰস্তাৱ জনাইছিল। লগতে আবেদনখনত কিছুসংখ্যক বুৰঞ্জীবিদ আৰু হিন্দু গোটে তাজমহলক পুৰণি শিৱ মন্দিৰ বুলি কৰি অহা দাবীৰ উদ্ধৃতি দিয়া হৈছিল।

শুনানি গ্ৰহণ কৰি বিচাৰপীঠে আবেদনকাৰীক কয় যে এনে ধৰণৰ বিতৰ্ক অনানুষ্ঠানিক পৰিস্থিতিত স্বাগতম জনোৱা হয়, কিন্তু আদালতত নহয়।

আবেদনকাৰী হিন্দুত্ববাদী নেতাজনে কয় যে আৰটিআই- ৰ দ্বাৰা তেওঁ তাজমহলৰ বন্ধ কৰি দিয়া বহুকেইটা কোঠাৰ বিষয়ে জানিব পাৰিছে। কৰ্তৃপক্ষই নিৰাপত্তাজনিত কাৰণত সেই কোঠাবোৰ বন্ধ হৈ আছে বুলি ক’লেও দেশৰ নাগৰিকসকলে তাজমহলৰ ক্ষেত্ৰত থকা সত্যৰ বিষয়ে জানিব লাগিব বুলি তেওঁ যুক্তি দৰ্শায়।

আনহাতে আবেদনকাৰীৰ যুক্তিৰ উত্তৰত আদালতে কয়, “এই বিষয়বোৰ আদালতত কেনেদৰে বিতৰ্কিত বিষয় হ’ব পাৰে? বিচাৰকসকলক এনে ধৰণৰ বিষয়বস্তুৰে প্ৰশিক্ষণ দিয়া হয় নেকি?”

বিচাৰপীঠে লগতে আবেদনকাৰী সিঙক এই সন্দৰ্ভত গৱেষণা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। বিচাৰপীঠে কয়, “এনে এটা বিষয় বাছনি কৰি পি.এইছ.ডি কৰক আৰু যদি কোনো প্ৰতিষ্ঠানে আপোনাক এনে বিষয়ৰ ওপৰত গৱেষণা কৰিবলৈ দিবলৈ অমান্তি হয়, তেতিয়া আদালতলৈ আহক।”

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দেশৰ হিন্দুত্ববাদী মহলে তাজমহলক পূৰ্বৰ হিন্দুৰ উপাসক দেৱতা শিৱৰ মন্দিৰ বুলি দাবী কৰি আহিছে। সাধাৰণতে মোগল সাম্ৰাজ্যৰ সময়ত নিৰ্মিত দেশৰ এনে কীৰ্তি চিহ্ন সমূহত হিন্দুত্বৰ ৰহন সনাটো শেহতীয়াকৈ এক ধাৰাত পৰিণত হৈছে। এনে সময়তে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই আদেশ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am
মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am
মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd