তাজমহল বিতৰ্ক: আবেদন কৰ্তাক গৱেষণা কৰিবলৈ পৰামৰ্শ দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

Taj Mahal row

শেহতীয়াভাৱে চলি থকা তাজমহল বিতৰ্ক সন্দৰ্ভত আজি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ থেকেচা খালে হিন্দুত্ববাদী গোটে। তাজমহলত হিন্দুত্বৰ চাপ মাৰিবলৈ এচাম হিন্দুত্ববাদী গোটে চলাই থকাৰ মাজতে আজি লক্ষ্ণৌ বিচাৰপীঠে এই বিষয়ক এখন আবেদন খাৰিজ কৰে।

তাজমহলক পূৰ্বৰ হিন্দু মন্দিৰ বুলি প্ৰতিপন্ন কৰিবলৈ তাজমহলৰ ২২ টা বন্ধ কোঠা মুকলিৰ আদেশ বিচাৰি দাখিল কৰা আৱেদনখন নাকচ কৰি ন্যায়াধীশ ডি কে উপাধ্যায় আৰু সুভাষ বিদ্যাৰ্থীৰ বিচাৰপীঠে কয় পিআইএল প্ৰণালীক উপহাস নকৰিবলৈ উপদেশ দিয়ে।

উল্লেখ্য যে বিজেপিৰ যুৱ সংবাদ মাধ্যমৰ ভাৰপ্ৰাপ্ত ৰজনীশ সিঙে হিন্দু দেৱতাৰ মূৰ্তিৰ উপস্থিতি নিশ্চিত কৰিবলৈ তাজমহলৰ ২২ খন বন্ধ দুৱাৰৰ তদন্তৰ বাবে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপক নিৰ্দেশনা দিবলৈ অনুৰোধ জনাই লক্ষ্ণৌ বিচাৰপীঠৰ সন্মুখত এই আবেদন দাখিল কৰিছিল।

আবেদনখনৰ দ্বাৰা হিন্দুত্ববাদী নেতাজনে এখন তথ্য অনুসন্ধান সমিতি গঠনৰ লগতে আৰু ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ দ্বাৰা প্ৰতিবেদন দাখিলৰ প্ৰস্তাৱ জনাইছিল। লগতে আবেদনখনত কিছুসংখ্যক বুৰঞ্জীবিদ আৰু হিন্দু গোটে তাজমহলক পুৰণি শিৱ মন্দিৰ বুলি কৰি অহা দাবীৰ উদ্ধৃতি দিয়া হৈছিল।

শুনানি গ্ৰহণ কৰি বিচাৰপীঠে আবেদনকাৰীক কয় যে এনে ধৰণৰ বিতৰ্ক অনানুষ্ঠানিক পৰিস্থিতিত স্বাগতম জনোৱা হয়, কিন্তু আদালতত নহয়।

আবেদনকাৰী হিন্দুত্ববাদী নেতাজনে কয় যে আৰটিআই- ৰ দ্বাৰা তেওঁ তাজমহলৰ বন্ধ কৰি দিয়া বহুকেইটা কোঠাৰ বিষয়ে জানিব পাৰিছে। কৰ্তৃপক্ষই নিৰাপত্তাজনিত কাৰণত সেই কোঠাবোৰ বন্ধ হৈ আছে বুলি ক’লেও দেশৰ নাগৰিকসকলে তাজমহলৰ ক্ষেত্ৰত থকা সত্যৰ বিষয়ে জানিব লাগিব বুলি তেওঁ যুক্তি দৰ্শায়।

আনহাতে আবেদনকাৰীৰ যুক্তিৰ উত্তৰত আদালতে কয়, “এই বিষয়বোৰ আদালতত কেনেদৰে বিতৰ্কিত বিষয় হ’ব পাৰে? বিচাৰকসকলক এনে ধৰণৰ বিষয়বস্তুৰে প্ৰশিক্ষণ দিয়া হয় নেকি?”

বিচাৰপীঠে লগতে আবেদনকাৰী সিঙক এই সন্দৰ্ভত গৱেষণা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। বিচাৰপীঠে কয়, “এনে এটা বিষয় বাছনি কৰি পি.এইছ.ডি কৰক আৰু যদি কোনো প্ৰতিষ্ঠানে আপোনাক এনে বিষয়ৰ ওপৰত গৱেষণা কৰিবলৈ দিবলৈ অমান্তি হয়, তেতিয়া আদালতলৈ আহক।”

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দেশৰ হিন্দুত্ববাদী মহলে তাজমহলক পূৰ্বৰ হিন্দুৰ উপাসক দেৱতা শিৱৰ মন্দিৰ বুলি দাবী কৰি আহিছে। সাধাৰণতে মোগল সাম্ৰাজ্যৰ সময়ত নিৰ্মিত দেশৰ এনে কীৰ্তি চিহ্ন সমূহত হিন্দুত্বৰ ৰহন সনাটো শেহতীয়াকৈ এক ধাৰাত পৰিণত হৈছে। এনে সময়তে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই আদেশ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।