প্ৰেমৰ সৌধ তাজমহল বন্ধ হৈ আছে বহু দিন ধৰি ।
সমগ্ৰ দেশতে ক’ৰ’ণা ভাইৰাছে মহাসংক্ৰমণৰ ৰুপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিততে চৰকাৰে দেশৰ ঐতিহাসিক পৰ্যটনস্থলী সমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।
শেহতীয়াকৈ চৰকাৰে কেবাখনো ৰাজ্যৰ পৰ্যটনস্থল সমূহ খুলি দিয়াৰ সিদ্ধান্ত লৈছে যদিও আগ্ৰাৰ একাধিক ঐতিহাসিক স্থল দৰ্শকৰ বাবে মুকলি কৰি দিয়াৰ ক্ষেত্ৰত চৰকাৰ থমকিব লগীয়া হৈছে।
আগ্ৰাত যিহেতু ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ মুঠেও ৰোধ হোৱা নাই সেইবাবে আগ্ৰাৰ প্ৰশাসনে তাজমহলকে ধৰি আন কেইবাটাও ঐতিহাসিক স্থান মুকলি নকৰাৰ সিদ্ধান্ত লৈছে।
সোমবাৰে এই প্ৰসংগত মন্তব্য কৰি আগ্ৰা প্ৰশাসনৰ এগৰাকী বিষয়াই কয় যে আগ্ৰাত এতিয়াও সংক্ৰমণ ৰোধ হোৱা নাই।
সেইবাবে জনতাৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি প্ৰশাসনে আপাততঃ তাজমহল মুকলি কৰি নিদিয়াৰ সিদ্ধান্ত লৈছে।
কেৱল তাজমহলেই নহয়, ফতেহপুৰ চিক্ৰিও বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ কয়।
উল্লেখ্য তাজমহল তাজগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত আৰু এই থানা খনো কনটেইনমেন্ট জ’ন কৰা হৈছে।
আগ্ৰাত ১২৮২ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে ।এতিয়ালৈকে আগ্ৰাত মৃত্যু ঘটিছে ৯০ জন লোকৰ।