যুৱক-যুৱতীক বিপথে পৰিচালিত কৰাৰ অভিযোগ: টিকটক নিষিদ্ধ কৰিলে তালিবানে

Taliban ban TikTok

আফগানিস্তানৰ ক্ষমতা দখলৰ পাছতে আফগান জনতাৰ ওপৰত বহুটো বাধা-নিষেধ আৰোপ কৰি আহিছে তালিবানে। এইবাৰ দেশখনত ভিডিঅ’ শ্বেয়াৰিং এপ্লিকেচন টিকটক নিষিদ্ধ কৰিছে শাসকীয় তালিবান চৰকাৰে।

আফগানিস্তানৰ যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰাৰ অভিযোগত জনপ্ৰিয় এপ্লিকেচনটোৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে তালিবান চৰকাৰে।

টিকটকৰ লগতে তালিবানে আফগানিস্তানত জনপ্ৰিয় ম’বাইল গেম প্লেয়াৰ আননোনছ বেটেলগ্ৰাউণ্ডছ (PUBG)ও নিষিদ্ধ কৰিছে।

বৃহস্পতিবাৰে এক বিবৃতিত তালিবান কেবিনেটে দাবী কৰে যে এই এপ্লিকেচনবোৰে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে আৰু সেয়ে টেলিকম মন্ত্ৰালয়ক এইসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

তালিবান কেবিনেটে লগতে মন্ত্ৰালয়ক দূৰদৰ্শন চেনেলসমূহত অনৈতিক সামগ্ৰীৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈও নিৰ্দেশ দিছে।

যোৱা বছৰ আগষ্টত আফগানিস্তানৰ ক্ষমতাত অধিষ্ঠিত হোৱা তালিবানে ইতিমধ্যে সংগীত, চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ বিজ্ঞাপন নিষিদ্ধ কৰিছে।