সলনি হোৱা নাই তালিবান! আফগানিস্তানত পুনৰ ৰাজহুৱাভাৱে দিয়া হ’ল মৃত্যুদণ্ড

Taliban carry out first public execution ২০২১ চনৰ ১৫ আগষ্টত দ্বিতীয়বাৰৰ বাবে আফগানিস্তান দখল কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তালিবান প্ৰশাসনে আফগানিস্তানত কোনো লোকক ৰাজহুৱাভাৱে মৃত্যুদণ্ড প্ৰদান কৰিছে। অৰ্থাৎ তালিবান সেই তালিবান হৈয়েই আছে। তালিবান চৰকাৰৰ মতে, পশ্চিম আফগানিস্তানৰ এজন লোকক হত্যাৰ অভিযোগত মৃত্যুদণ্ড দিয়া হৈছে।

তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে জনায় যে পশ্চিম আফগানিস্তানৰ ফাৰাহ প্ৰদেশৰ এজন লোকক মৃত্যুদণ্ড দিয়া হৈছে। তেওঁৰ বিৰুদ্ধে ২০১৭ চনত এজন লোকক হত্যা কৰাৰ অভিযোগ আছে। অভিযুক্তজনক সেই গোচৰতে বিচাৰ কৰি মৃত্যুদণ্ড দিয়া হৈছে। তালিবান চৰকাৰে জনাইছে যে আদালতত বিচাৰৰ পিছত ধৰ্মীয় নেতাৰ নিৰ্দেশতে মৃত্যুদণ্ড প্ৰদান কৰা হৈছে।

লগতে পঢ়ক: সুৰাৰ নিচাত! অভিনেত্ৰীৰ ভৰি চেলেকিছে ৰাম গোপাল বাৰ্মাই; ইণ্টাৰনেটত ভাইৰেল ‘লজ্জাজনক’ ভিডিঅ

মৃত্যুদণ্ড যদিও ৰাজহুৱাভাৱে দিয়া হৈছে, তথাপিও মানুহজনক কেনেকৈ মৃত্যুদণ্ড দিয়া হৈছে সেয়া জনা নাযায়। মৃত্যুদণ্ডৰ সময়ত কেইবাজনো তালিবান প্ৰশাসক উপস্থিত আছিল।

শেহতীয়াকৈ, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিভাগৰ তৰফৰ পৰা আফগান চৰকাৰক ৰাজহুৱাভাৱে অসামৰিক লোকসকলক মাৰপিট আৰু শাস্তি দিয়া বন্ধ কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে, তেওঁলোকে সেয়া শুনিব নে নাই সেয়া ক’ব পৰা নাযায়।

১৯৯০ ৰ দশকত যেতিয়া তালিবানে প্ৰথমবাৰৰ বাবে আফগানিস্তানত ক্ষমতা দখল কৰিছিল, তেতিয়া অপৰাধীক তেওঁলোকৰ অপৰাধৰ বাবে ৰাজহুৱাভাৱে চাবুক মৰাৰ পৰা আৰম্ভ কৰি মৃত্যুদণ্ডলৈকে শাস্তি দিয়া হৈছিল।

২০২১ চনত দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ পিছত তালিবানে দাবী কৰিছিল যে এইবাৰ তেওঁলোকৰ শাসন পৃথক হ’ব। নাগৰিকসকলৰ স্বাধীনতা আৰু অধিকাৰ নিয়ম অনুসৰি দিয়া হ’ব।

লগতে পঢ়ক: ‘অপাৰেচন লটাছ’ৰ সংশয়! জয়ৰ দিশে অগ্ৰসৰ হৈও ভীতিগ্ৰস্ত কংগ্ৰেছ

কিন্তু লাহে লাহে বুজা গৈছে যে সেয়া মাথোঁ সন্তনা বাণীহে আছিল। শেহতীয়াকৈ মহিলাসকলৰ শিক্ষাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কামৰ স্বাধীনতা কাঢ়ি লোৱা, এটাৰ পিছত এটাকৈ কঠোৰ নিয়ম প্ৰৱৰ্তন কৰা, আৰু সেইবোৰ ভংগ কৰাৰ বাবে কঠোৰ শাস্তি ইত্যাদিলৈকে তালিবানৰ কোনো পৰিৱৰ্তন হোৱা নাই। চুৰিৰ দৰে অপৰাধৰ পৰা আৰম্ভ কৰি অবৈধ সম্পৰ্কৰ বাবে পুৰুষ আৰু মহিলাক ৰাজহুৱাভাৱে চাবুক মৰাৰ দৰে শাস্তিও দিয়া হৈছে।