NORTHEAST NOW (Assamese)

পঞ্জশিৰত আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতিৰ ভাতৃক হত্যা কৰিলে তালিবানে

September 11, 2021 8:24 am · এন ই নাও নিউজ
Updated: September 11, 2021 10:51 am
পঞ্জশিৰত তালিবান যোদ্ধা।

পঞ্জশিৰত পলাই থকা বিদ্ৰোহী নেতা তথা আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ ভাতৃ ৰোহুল্লাহ আজিজীক তালিবানে হত্যা কৰিছে।

শুকুৰবাৰে আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ পাইছে এই খৱৰ।

বাতৰি অনুসৰি, নিহত আজিজীৰ আত্মীয় এবাদুল্লাহ চালেহে জানিবলৈ দিয়ে যে কাবুলৰ পতনৰ পাছত পঞ্জশিৰ উপত্যকাত তালিবান বিৰোধী যুদ্ধৰ অন্যতম নেতৃত্বত আছিল আমৰুল্লাহ চালেহ।

এবাদুল্লাহে জানিবলৈ দিয়া মতে তালিবানে ৰোহুল্লাহ আজিজীক মৃত্যুদণ্ড দিছে। বৃহস্পতিবাৰে তেওঁক হত্যা কৰা হয় আৰু তেওঁলোকে মৃতদেহটো আত্মীয়ক কবৰ দিবলৈকো নিদিলে।

আনহাতে, তালিবানে দাবী কৰা মতে পঞ্জশিৰত যুদ্ধৰ সময়ত ৰোহুল্লাহ আজিজী চালেহ নিহত হৈছে। বৃহস্পতিবাৰে নিশা চালেহ আৰু তালিবান যোদ্ধাৰ মাজত হোৱা তুমুল সংঘৰ্ষৰ সময়ত তালিবান যোদ্ধা আমৰুল্লাহ চালেহৰ গোপন ঘাটিৰ লাইব্ৰেৰীলৈকে সোমাই যায়। তাতেই ৰোহুল্লাহ চালেহ নিহত হৈছে।

জেহাদীসকলে আহমেদ মাছুদৰ এটা অস্ত্ৰাগাৰো দখল কৰা বুলি দাবী কৰে।

উল্লেখ্য যে প্ৰায় এমাহজোৰা যুদ্ধৰ অন্তত যোৱা ৬ ছেপ্টেম্বৰত তালিবানে পঞ্জশিৰ দখল কৰাৰ কথা ঘোষণা কৰিছিল। পঞ্জশিৰ প্ৰতিৰোধ বাহিনীৰ নেতা আহমেদ মাছুদৰ বাসগৃহও দখল কৰি লোৱাৰ দাবী কৰিছিল তালিবানসকলে। আনকি ছচিয়েল মিডিয়াত সেই ছবিও ভাইৰেল হৈ পৰিছিল।

Related News