জিন্না বিতৰ্ক! অখিলেশ যাদৱক ‘তালিবানী মানসিকতাৰ’ আখ্যা দিলে যোগী আদিত্যনাথে

Yogi Adityanath On Akhilesh Yadav's 'Patel-Jinnah' Remark

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে ভাৰতৰ স্বাধীনতা যুঁজৰ নেতাসকলৰ সৈতে পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ নাম উল্লেখ কৰাৰ পিছত সৃষ্টি হৈছে বিতৰ্কৰ।

জিন্না বিতৰ্কৰ মাজতে অখিলেশ যাদৱক তালিবানী মানসিকতাৰ আখ্যা দিলে যোগী আদিত্যনাথে।

উত্তৰ প্ৰদেশত দেওবাৰে এক ৰেলীত অখিলেশ যাদৱে মন্তব্য কৰিছিল যে চৰ্দাৰ পেটেল, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আৰু জিন্নাই একেখন প্ৰতিষ্ঠানতে অধ্যয়ন কৰিছিল আৰু বেৰিষ্টাৰ হৈছিল। তেওঁলোকে ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিছিল। তেওঁলোকে কেতিয়াও কোনো সংগ্ৰামৰ পৰা আঁতৰি অহা নাছিল।

তেওঁ শাসকীয় বিজেপিক ইয়াৰ আদৰ্শগত পৰামৰ্শদাতা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকো এই সভাত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

“লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেল বাস্তৱতা বুজি পাইছিল আৰু সেয়ে আৰএছএছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। আজি দেশক একত্ৰিত কৰাৰ কথা কোৱা একেজন লোকে আমাক ধৰ্ম আৰু জাতিৰ ভিত্তিত বিভাজন কৰিবলৈ চেষ্টা কৰি আছে।”- অখিলেশ যাদৱে নিজ ভাষ্যত উল্লেখ কৰিছিল।

গান্ধী, নেহৰু আৰু চৰ্দাৰ পেটেলৰ সৈতে জিন্নাৰ নাম উল্লেখ কৰাৰ পিছতে অখিলেশ যাদৱৰ সমালোচনাত মুখৰ হৈছে বিজেপি নেতা।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অখিলেশ যাদৱৰ মন্তব্যক “লজ্জাজনক” বুলি অভিহিত কৰিছে।

“সমাজবাদী পাৰ্টিৰ মুৰব্বীয়ে কালি জিন্নাক চৰ্দাৰ বল্লভভাই পেটেলৰ সৈতে তুলনা কৰিছিল। এইটো লজ্জাজনক। এইটো তালিবানী মানসিকতা যি বিভাজনত বিশ্বাস কৰে। চৰ্দাৰ পেটেলে দেশখনক একত্ৰিত কৰিছিল। বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ প্ৰাপ্ত কৰাৰ কাম চলি আছে” ৰাষ্ট্ৰীয় সংবাদ সংস্থা ANI ৰ আগত যোগী আদিত্যনাথে কয়।

বিজেপি নেতা ৰাকেশ ত্ৰিপাঠীয়ে কয়, “অখিলেশ যাদৱৰ পিতৃ মুলায়ম সিং যাদৱেও অখিলেশ যাদৱৰ পৰা এই কথা শুনি হতাশাত ভাগি পৰিব। দেশখনে মহম্মদ আলী জিন্নাক বিভাজনৰ খলনায়ক হিচাপে গণ্য কৰে। জিন্নাক স্বাধীনতাৰ নায়ক বুলি কোৱাটো হৈছে মুছলমান তোষণৰ ৰাজনীতি।”

উল্লেখ্য যে অহা বৰ্ষত ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এনে সময়তে গা কৰি উঠা এই বিতৰ্কই সম্প্ৰতি চৰ্চা লাভ কৰিছে।