• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2026 6:46 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনাৰ সন্তানটো ঘৰত এক মুহূৰ্তও মনে মনে নাথাকে। দিনটোত কি ঘটিল, ঘৰৰ পোহনীয়া জন্তুটোৱে কি কৰিলে, টিফিন কিয় শেষ নহ’ল – সকলো কথা আপোনাক আগ্ৰহেৰে কৈ যায়। কেতিয়াবা কাৰ্টুনৰ চৰিত্ৰৰ সংলাপো নকল কৰি দেখুৱায়। কিন্তু বিদ্যালয়ৰ অভিভাৱক-শিক্ষক সভাত গৈ আপুনি জানিব পাৰিলে যে শিশুটোৱে গোটেই দিনটোত মাত্ৰ দুই-এটা কথাহে কয়। কাৰোৰে সৈতে ভালদৰে মিলা-মিছা নকৰে। আৰু টিফিনো অকলে বহি খায়। তেন্তে স্বাভাৱিকতে আপোনাৰ মনত প্ৰশ্ন উঠিব পাৰে – ঘৰত ইমান কথা কোৱা শিশুটো বিদ্যালয়ত ইমান নিৰৱ কিয়?

বহু অভিভাৱকে এনে আচৰণক শিশুৰ লাজুক স্বভাৱ বুলি ভাবি লয়। কিন্তু প্ৰতিটো ক্ষেত্ৰতে সেয়া কেৱল লাজুকতা নহ’বও পাৰে। ঘৰত স্বাভাৱিকভাৱে আৰু আনন্দেৰে কথা কোৱা, কিন্তু বিদ্যালয় বা কোনো নিৰ্দিষ্ট সামাজিক পৰিৱেশত সম্পূৰ্ণ নীৰৱ হৈ পৰা আচৰণক ‘চিলেক্টিভ মিউটিজম’ বুলি কোৱা হয়। ই সাধাৰণতে উদ্বেগ বা ভয়ৰ সৈতে জড়িত এক মানসিক সমস্যা।

Apply Now

এই সমস্যাত ভোগা শিশুৱে পৰিয়ালৰ লোকৰ সৈতে একেবাৰে স্বাভাৱিকভাৱে কথা পাতিব পাৰে। কোনো কোনো শিশুৱে ঘৰত অতি চঞ্চল আৰু কথাপ্ৰিয়ো হয়। কিন্তু বিদ্যালয়, অচিনাকি মানুহ বা নিৰ্দিষ্ট সামাজিক পৰিস্থিতিত কথা কোৱাটো তেওঁলোকৰ বাবে অতি কঠিন হৈ পৰে। মন কৰিবলগীয়া কথাটো হ’ল, শিশুটোৱে ইচ্ছা কৰি কথা নকয় এনে নহয়। উদ্বেগৰ ফলত তেওঁলোকৰ দেহ-মনৰ স্বাভাৱিক সঁহাৰি হিচাপে একধৰণৰ ‘ফ্ৰিজ’ অৱস্থা সৃষ্টি হ’ব পাৰে, যাৰ ফলত কথা ক’বলৈ চেষ্টা কৰিলেও মুখেৰে শব্দ ওলাব নোৱাৰে।

এই সমস্যাটো সহজে ধৰা নপৰাৰ অন্যতম কাৰণ হৈছে, এনে শিশুৱে সাধাৰণতে কোনো হুলস্থুল নকৰে। তেওঁলোক শান্ত, ভদ্ৰ আৰু নিয়ম মানি চলা শিশু হিচাপে পৰিচিত হয়। সেয়েহে শিক্ষক বা অভিভাৱকে বহু সময়ত তেওঁলোকৰ নীৰৱতাক স্বাভাৱিক লাজুকতা বা অন্তৰ্মুখী স্বভাৱ বুলি ভাবি লয়। কিন্তু এই নীৰৱতাই শিশুৰ দৈনন্দিন জীৱনত যথেষ্ট অসুবিধা সৃষ্টি কৰিব পাৰে।

বিদ্যালয়ত নিজৰ প্ৰয়োজনৰ কথা শিক্ষকক ক’ব নোৱাৰা, কিবা অসুবিধা হ’লে সহায় বিচাৰিব নোৱাৰা, পানী খাবলৈ বা শৌচালয়লৈ যাবলগীয়া হ’লে জনাব নোৱাৰাৰ দৰে সমস্যাও দেখা দিব পাৰে। আনকি বন্ধু-বান্ধৱীৰ সৈতে সম্পৰ্ক গঢ়ি তোলা আৰু শ্ৰেণীকোঠাৰ বিভিন্ন কামত অংশ লোৱাৰ ক্ষেত্ৰতো শিশুটো পিছ পৰিব পাৰে।

তথাপি ভয় খোৱাৰ প্ৰয়োজন নাই। উপযুক্ত সময়ত সমস্যাটো চিনাক্ত কৰি প্ৰয়োজনীয় সহায় আৰু চিকিৎসা ল’লে শিশুৱে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰে। সেয়েহে ঘৰত আপোনাৰ সন্তান অত্যন্ত স্বচ্ছন্দে কথা ক’লেও বিদ্যালয় বা কোনো নিৰ্দিষ্ট পৰিৱেশত দীঘলীয়া সময় ধৰি নীৰৱ হৈ থাকে, তেন্তে বিষয়টো উপেক্ষা নকৰিব।

শিশুটোক জোৰ কৰি কথা ক’বলৈ বাধ্য কৰাতকৈ ধৈৰ্যৰে তেওঁৰ সৈতে থাকক আৰু তেওঁৰ আচৰণ বুজিবলৈ চেষ্টা কৰক। এনে পৰিস্থিতিত শিশুৰোগ বিশেষজ্ঞ, মনোবিজ্ঞানী বা মানসিক স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অধিক উপযোগী। কাৰণ এই নীৰৱতা শিশুৰ ব্যক্তিত্বৰ দোষ নহয়; বহু সময়ত ই উদ্বেগৰ ফল। সঠিক সহায়, বুজাবুজি আৰু চিকিৎসাই শিশুটোক পুনৰ আত্মবিশ্বাসেৰে কথা ক’বলৈ আৰু স্বাভাৱিকভাৱে আনৰ সৈতে মিলা-মিছা কৰিবলৈ সহায় কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am
সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

October 1, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd