কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি, ২০২৫ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে তামিলনাডুত মুঠ ২০,৮৬৬ টা ডেংগুৰ গোচৰ আৰু ১২ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। এই পৰিসংখ্যা অনুসৰি তামিলনাডু বৰ্তমান দেশৰ ভিতৰতে সৰ্বাধিক ডেংগু আক্ৰান্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে।
দক্ষিণ ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ ভিতৰত কেৰালাত ১০,২৩৯ টা গোচৰৰ বিপৰীতে ৪৯ গৰাকীৰ মৃত্যু হৈছে। আনহাতে অন্ধ্ৰপ্ৰদেশত ২,৩৮৪ টা গোচৰ (৫ গৰাকীৰ মৃত্যু), তেলেংগানাত ৮,১৩৯ টা গোচৰ (মৃত্যু শূন্য) আৰু কৰ্ণাটকত ৬,৭৫৯ টা ডেংগুৰ গোচৰ (মৃত্যু শূন্য) ধৰা পৰিছে।
বিগত বছৰবোৰত তামিলনাডুৰ স্থিতি:
২০২১: ৬,০৩৯ জন আক্ৰান্ত, ৮ গৰাকীৰ মৃত্যু।
২০২২: ৬,৪৩০ জন আক্ৰান্ত, ৮ গৰাকীৰ মৃত্যু।
২০২৩: ৯,১২১ জন আক্ৰান্ত, ১২ গৰাকীৰ মৃত্যু।
২০২৪: ২৭,৩৭৮ জন আক্ৰান্ত, ১৩ গৰাকীৰ মৃত্যু।
ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে জানিবলৈ দিছে যে এক উন্নত নিৰীক্ষণ ব্যৱস্থাৰ বাবেহে ৰাজ্যখনত অধিক সংখ্যক গোচৰ ধৰা পৰিছে। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ (PHC) পৰা আৰম্ভ কৰি জিলা আৰু মেডিকেল কলেজ হাস্পতাল পৰ্যায়লৈকে ইয়াত তীক্ষ্ণ নজৰ ৰখা হয়। সঠিক সময়ত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আক্ৰান্তৰ সংখ্যাৰ তুলনাত মৃত্যুৰ হাৰ নিয়ন্ত্ৰণত আছে
চিকিৎসা সঞ্চালক ডাঃ জননী শংকৰে জনোৱা মতে, ডিচেম্বৰৰ শেষ সপ্তাহৰ পৰা ডেংগুৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। তেওঁ কয়, যে “বৰ্তমান আমি টাইফয়েড, ডায়েৰিয়া (পেটৰ অসুখ), ডিচেণ্ট্ৰী আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগী অধিক পাই আছোঁ। শীতকালৰ আগমণ আৰু ভ্ৰমণজনিত কাৰণতে এই ৰোগসমূহ বৃদ্ধি পাইছে।”
চৰকাৰী ষ্টেনলি মেডিকেল কলেজ হাস্পতালৰ জেনেৰেল সাধাৰণ চিকিৎসা বিভাগৰ মুৰব্বী ডাঃ এছ চন্দ্ৰশেখৰে জনোৱা মতে, সাধাৰণতে ফেব্ৰুৱাৰী মাহলৈকে ডেংগুৰ প্ৰকোপ থাকে যদিও এইবাৰ চেন্নাইত বৰষুণ কম হোৱাৰ বাবে ডিচেম্বৰৰ পৰাই সংক্ৰমণ কমিছে। তেওঁ সোঁৱৰাই দিয়ে যে শীতকালত মহৰ বংশবৃদ্ধি কমে যদিও মানুহে পানী জমা কৰি থোৱা পাত্ৰবোৰ ঢাকি ৰখাৰ ক্ষেত্ৰত সজাগ হোৱা উচিত, কিয়নো খোলা পাত্ৰত জমা হোৱা পানীতেই মহে কণী পাৰে।





