অনুষ্ঠানৰ স্প’নচৰশ্বিপত আদানী গোটৰ নাম: বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ দলিত কবিৰ

Tamil Poet Sukirtharani Rejects Award

দেশজুৰি এতিয়া আদানী বিতৰ্কৰ চৰ্চা। আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে আদানী গোটৰ জালিয়াতিৰ অভিযোগ তোলাৰ পাছতে দেশৰ ৰাজনৈতিক পৰিৱেশো উত্তাল হৈ আছে বিগত কিছুদিন। এইবাৰ আদানী বিতৰ্কই স্পৰ্শ কৰিছে সাহিত্য জগতকো। এক সাহিত্য অনুষ্ঠানত আদানী গোটৰ স্প’নচৰশ্বিপ থকাৰ বাবে বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে এগৰাকী দলিত কবিয়ে।

শেহতীয়াকৈ এখন ইংৰাজী কাকতে বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছিল। এই বঁটাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১২ গৰাকী মহিলাক মনোনীত কৰা হৈছিল। তাৰ ভিতৰত আছিল দলিত সাহিত্যৰ ওপৰত দীৰ্ঘদিন ধৰি কাম কৰা তামিল কবি সুকীৰ্থাৰণি। প্ৰথমে তেওঁ এই বঁটা গ্ৰহণ কৰিবলৈ আয়োজকসকলক সন্মতি প্ৰদান কৰিছিল।

কিন্তু পিছত তেখেতে জানিব পাৰে যে এই বঁটা প্ৰদান অনুষ্ঠান আদানী গোটে স্প’নচৰ কৰিছে। লগে লগে সুকীৰ্ত্তৰানীয়ে বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু আয়োজকসকলক জনাই দিয়ে যে তেওঁ আদানীৰ ধনেৰে কিনা পুৰস্কাৰ গ্ৰহণ নকৰে।নিজৰ সিদ্ধান্তৰ সমৰ্থনত তেওঁ কয়, “মই যি দৰ্শনত বিশ্বাস কৰোঁ আৰু জীৱনত যি দৰ্শন অনুসৰণ কৰো, এই বঁটা গ্ৰহণ কৰাটো এই দৰ্শনৰ বিৰোধী হ’ব।”

তামিলনাডুৰ ৰাজধানী চেন্নাইৰ এখন হোটেলত যোৱা ৮ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰা হয়। সুকীৰ্থাৰণীয়ে তেওঁক এই বঁটাৰ বাবে মনোনীত কৰাৰ বাবে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে। একে সময়তে তেওঁ এক সংবাদ সংস্থাক জনাইছিল যে বহু পিছত তেওঁ আদানীয়ে এই ‘দেৱী’ নামৰ বঁটাটিৰ স্প’নচৰ কৰা বুলি জানিব পাৰে।

এই কথা জানিব পাৰি তেওঁ লগে লগে বঁটা গ্ৰহণ কৰিব নোৱাৰাৰ বিষয়ে আয়োজকসকলক অৱগত কৰে। এই বিষয়ত নিজৰ স্থিতি উল্লেখ কৰি তেওঁ তামিল ভাষাত এক ফেচবুক পোষ্টো কৰে। ইংৰাজী দৈনিক এখনৰ সৈতে সাক্ষাৎকাৰত সুকীৰ্থাৰণীয়ে কয়, “বঁটা লাভ কৰাৰ এদিন পূৰ্বে মই খবৰ পাইছিলো যে অনুষ্ঠানটোক আদানী গ্ৰুপে স্প’নচৰ কৰিছে।

“আদানী গ্ৰুপৰ টকাৰে কিনা পুৰস্কাৰত মই সুখী হ’ব নোৱাৰোঁ৷ মই মোৰ লেখাত যি দৰ্শন, মতাদৰ্শ আৰু ৰাজনীতিৰ কথা কওঁ, তাৰ লগত ইয়াৰ কোনো মিল নাই।”– সুকীৰ্থাৰণীয়ে লগতে কয়। তেওঁ লগতে এই বিষয়তে দলিত সাহিত্য আৰু দলিত জীৱনৰ বিষয়েও আলোকপাত কৰে।