NORTHEAST NOW (Assamese)

Tamulpur bye poll :তামুলপুৰত সাংসদ নৱ কুমাৰ শৰণীয়া, মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰচাৰ অভিযান

October 24, 2021 2:45 pm · দীপক কুমাৰ পাঠক, বাক্সা
Updated: October 24, 2021 2:47 pm

ক্ৰমাৎ জমি উঠিছে তামুলপুৰৰ নিৰ্বাচনী পৰিবেশ।

আজি জিএছপিৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়া আৰু অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়।

সাংসদ নৱ কুমাৰ শৰণীয়াই বড়ো যুৱক- যুৱতীক দহ হাজাৰ চাকৰি দিয়াৰ বিপৰীতে অনাবড়ো যুৱক যুৱতীকো চাকৰি দিয়াৰ দাবী উত্থাপন কৰে।

শৰণীয়াই কয়—অৰুণোদয় আঁচনি লাভ কৰা সকলে মিত্ৰ জোঁটৰ প্ৰাৰ্থীক ভোট দিয়ক,নোপোৱা সকলে জিএছপিক ভোট দিয়ক।

বিটিচিত বড়ো ভাষাৰ লগতে অসমীয়া ভাষাকো প্ৰথম ভাষা হিচাপে স্থান দিব লাগে বুলি সাংসদ শৰণীয়াই মন্তব্য কৰে।

উল্লেখ্য তামুলপুৰত এতিয়া মন্ত্ৰী বিধায়কৰ ভিৰ হৈছে। একপ্ৰকাৰৰ দিছ্পুৰত পৰিণত হৈছে তামুলপুৰ।

জিএছপিৰ প্ৰাৰ্থী গৰাকীয়ে আশী হাজাৰতকৈ অধিক ভোট লাভ কৰি জয়ী হব বুলি শৰণীয়াই মন্তব্য কৰে।

ইপিনে তামুলপুৰ সমষ্টিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ কুমাৰীকাটাত প্ৰচাৰ চলায় মন্ত্ৰী ৰঞ্জিত দাসে।

পদ পথৰ দোকানৰ লগতে স্থায়ী দোকানত প্ৰচাৰ চলায় ৰঞ্জিত দাসে।

ৰঞ্জিত দাসৰ লগত থাকে প্ৰাৰ্থী জলেন দৈমাৰী।

এইবাৰ পদুম ফুল মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানে পদুম বুলি উল্লেখ কৰে মন্ত্ৰী ৰঞ্জিত দাসে।

মূল্যবৃদ্ধি সম্পৰ্কেও মত প্ৰকাশ ৰঞ্জিত দাসে কয় যে এয়া এতিয়া সৰ্বভাৰতীয় সমস্যা।

Related News