• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নব কুমাৰ শৰণীয়া এটা বিগ জিৰ’ : বিধায়ক ইমানুৱেল মুছাহাৰী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 27, 2019 7:36 am
IMG-20190326-WA0041

নাগ্ৰীজুলিত এখন সভাত ভাষণ দিছে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’বিপিএফ দল কোনো এটা বিশেষ জাতি বা জনগোষ্ঠীৰ দল নহয়। বিটিএডি অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকৰ উন্নয়নৰ হকে কাম কৰাৰ বাবে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন কৰা  বিপিএফ দলে দেশৰ বিভিন্ন ৰাজ্যৰ চৰকাৰবোৰে ভিন্ন প্ৰান্তত উন্নয়নৰ কাম কৰাৰ দৰে সমগ্ৰ বিটিএডি অঞ্চলৰ উন্নয়নৰ হকে কাম কৰি আহিছে আৰু সেয়া বিটিএডি অঞ্চলৰ ৰাইজে নিজেই দেখা পাইছে,’’-এই মন্তব্য তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ।

মঙলবাৰে নাগ্ৰীজুলি ব্লক বিপিএফৰ উদ্যোগত নাগ্ৰীজুলি ব্লক বিপিএফ পৰ্য্যায়ৰ লোকসভাৰ  নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰি ইমানুৱেল মুছাহাৰীয়ে এইদৰে মন্তব্য কৰে।

Apply Now

তেওঁ কয়,‘’ উন্নয়নৰ কামৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই বিপিএফ নেতৃত্বাধীন বিটিচি প্ৰশাসনে। হাগ্ৰামা নেতৃত্বাধীন বিপিএফ প্ৰশাসনে বিটিএডিৰ চাৰি জিলাত যি উন্নয়নৰ কাম কৰিছে, সেই উন্নয়নৰ ফল ভোগ কৰিছে বিটিএডিত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকে।

নাগ্ৰিজুলি ব্লক বিপিএফৰ কাৰ্যালয়ত নাগ্ৰীজুলি ব্লক বিপিএফৰ সভাপতি খেম বাহাদুৰ থাপাৰ পৌৰহিত্যত আবেলি ২ বজাত অনুষ্ঠিত সভাখনত  মুছাহাৰীয়ে লগতে কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিত বিগত পাঁচটা বছৰত নৱ কুমাৰ শৰণীয়াই কি কাম কৰিছে বা কোনটো জাতি-জনগোষ্ঠীৰউন্নয়নৰ কাম কৰিছে সেয়া ৰাইজে দেখা পাইছে।

তেওঁ কয় যে সাম্প্ৰতিক সময়ত সাম্প্ৰদায়িক মনোভাৱেৰে ৰাজনীতি কৰা নৱ কুমাৰ শৰণীয়া যে এটা বিগ জিৰ’ তাক বুজিবলৈও আজি ৰাইজৰ বাকী নাই বুলি  মুছাহাৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

আনহাতে, আগন্তুক লোকসভাৰ  নিৰ্বাচনত বিপিএফ দলৰ মনোনীত তথা বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জয়ী হোৱাটো নিশ্চিত বুলিও দাবী কৰি বিটিচিৰ উন্নয়নৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি প্ৰমিলাৰণী ব্ৰহ্মক ভোটদান কৰাৰ বাবেও বিধায়কগৰাকীয়ে সকলোকে আহ্বান জনায়।

ইপিনে, সভাত উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়োয়ে কয় যে বিটিএডি অঞ্চলত বিপিএফ দলৰ বিকল্প দল নাই। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত শিক্ষা, স্বাস্থ্য, যাতায়ত, কৃষিকে ধৰি বিভিন্ন দিশত দেশৰ ভিতৰতে লেখত লবলগীয়া ধৰণেৰে উন্নয়ন তৰান্বিত কৰিছে। বিটিএডিৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সম মৰ্যাদা প্ৰদান কৰি প্ৰতিটো জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ উন্নয়নৰ ক্ষেত্ৰতো কাম কৰি আহিছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ প্ৰশাসনে।

সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত লোকসভা নিৰ্বাচনত প্ৰমীলা ৰাণী ব্ৰহ্মক ভোট দান কৰি বিটিচিৰ উন্নয়নৰ গতি অধিক ক্ষিপ্ৰতৰ কৰাৰ বাবে আহ্বান জনায় কাৰ্যবাহী সদস্য দেবেন বড়োয়ে।

সভাত উপস্থিত থাকি দাৰঙাজুলি বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে ভাষণ প্ৰসংগত কয় যে বিটিএডিৰ উন্নয়নৰ এটা নাম হৈছে বিপিএফ দল। বিটিএডিৰ সকলো জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত গঠন হোৱা বিপিএফ দলৰ উন্নয়ন কাম কাজে সম্প্ৰতি সকলো জাতি-জনগোষ্ঠীক প্ৰভাৱান্বিত কৰিছে আৰু দলটোক আস্থাত লৈ বিপিএফ দললৈ ধাৱমান হৈছে। গতিকে প্ৰমিলাৰণী ব্ৰহ্মই নিৰ্বাচনত এইবাৰ অভিলেখ সংখ্যক ভোট লাভ কৰি যে জয়লাভ কৰিব সেয়া এশ শতাংশই নিশ্চিত।

সভাত তামুলপুৰ জিলাৰ বিপিএফৰ লগতে বিভিন্ন পৰিষদ, সমিতি আদিৰ নেতাসকল উপস্থিত থাকে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd