NORTHEAST NOW (Assamese)

টংলা আৰক্ষীৰ জালত ‘মৃচাংক’ হত্যাকাণ্ডৰ আটাইকেইজন অভিযুক্ত

September 25, 2018 9:05 am · চাজিদ খান
Updated: September 25, 2018 10:43 am
ফটো : নৰ্থ-ইষ্ট নাও

সমগ্ৰ অসম জোঁকাৰি যোৱা ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ মৃচাংক বসুমতাৰীৰ হত্যাকাণ্ডৰ তদন্ত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আগবঢ়োৱা পৰিলক্ষিত হৈছে। এই শিহৰণকাৰী হত্যাকাণ্ডৰ লগত জড়িত থকা পাঁচগৰাকীকৈ অভিযু্ক্তক যোৱা দুদিনত আৰক্ষীয়ে অসমৰ ভিন্ন প্ৰান্তৰ লগতে ত্ৰিপুৰাৰ পৰা অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে যোৱা ১৮ ছেপ্তেম্বৰত সংঘটিত হোৱা হত্যাকাণ্ডটোৰ অভিযুক্তসকলক বিপ্লব ঘোষ(২১), প্ৰদীপ বৰ্মন(১৮), দিলীপ দাস(২২), সঞ্জয় দাস(১৯) আৰু বলো ৰাম সৰকাৰ(২২) বুলি চিনাক্ত কৰা হৈছে।

এই হত্যাকাণ্ডটোৰ তদন্তৰ দায়িত্বত থকা আৰক্ষী বিষয়া মাণিক বৰমুদৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘হত্যাকাণ্ডটোৰ মুল অভিযুক্ত প্ৰদীপ বৰ্মনক ত্ৰিপুৰাৰ নৰ্থ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ ৰে’লৱে ষ্টেশ্যনৰ পৰা আটক কৰাৰ লগতে অন্য তিনিজন লোকক ৰঙিয়া অঞ্চলৰ পৰা আটক কৰিছো’।

আনহাতে আন এজন অভিযুক্ত বিপ্লব ঘোষক ওদালগুৰি অঞ্চলৰ পৰাই আটক কৰাৰ কথা জানিবলৈ দি তদন্তকাৰী বিষয়াগৰাকীয়ে কয় যে আটাইকেইজন অভিযুক্তকাৰীয়ে দিন হাজিৰা কৰে।

টংলা আৰক্ষী থানাত ৰুজু হৈ থকা ১৪৬/১৮ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে বিপ্লব ঘোষক আদালতত হাজিৰ কৰোৱায় আৰু আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইফালে আজি আন অভিযুক্ত কেইগৰাকীক আদালতত হাজিৰ কৰোৱা হ’ব।

উল্লেখ্য যে যোৱা ১৮ ছেপ্তেম্বৰত মৃচাংকই তেওঁৰ বন্ধুৰ সৈতে আবেলি ফুৰিবলৈ টংলাৰ দাঁতিকাষৰীয়া এখন নদীৰ পাৰলৈ গৈছিল। তাতে তেওঁলোকৰ সৈতে আন কেইজন মান যুৱকৰ কিবা কথাৰ কটাকটি হয়। তাৰ পিছতে ৭-৮জনীয়া দল এটাই মৃচাংকক নৃশংসভাৱে আক্ৰমণ কৰাত মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল।

Related News