ভাৰতীয় ক্ৰিকেটাৰৰ দখলত দ্ৰুততম ত্ৰিশতকৰ অভিলেখ! সন্মুখত লাৰাৰ অভিলেখ ভঙাৰ সুযোগ

হায়দৰাবাদৰ বেটছমেন তন্ময় আগৰৱালাই প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িছে। সৰ্বাধিক দ্ৰুততম ত্ৰিশ শতক অৰ্জনৰ অভিলেখ এতিয়া এজন ভাৰতীয় ক্ৰিকেটাৰৰ হাতত। ৰঞ্জি ট্ৰফীৰ চতুৰ্থ ৰাউণ্ডৰ মেচত এই অভিলেখ গঢ়িছে। তেওঁৰ বিশ্ব অভিলেখৰ সৌজন্যত হায়দৰাবাদে প্ৰথম দিনাই ৫২৯ ৰান সংগ্ৰহ কৰে!

ৰেড বল ক্ৰিকেটত ২০০ ৰ ওপৰত ষ্ট্ৰাইক ৰেটত ট্ৰিপল চেঞ্চুৰী কৰিছে তন্ময়ে। এই অভিলেখ ভংগ হ’বলৈ আৰু বা কিমান অপেক্ষা কৰিব লাগিব! প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্ৰুততম ত্ৰিশ শতক অৰ্জনৰ অভিলেখ আছিল মাৰ্কছ মাৰিউছৰ। ১৯১টা বলত ত্ৰিশতক অৰ্জন কৰিছিল। এইবাৰ সেয়া নিজৰ নামত কৰিলে ভাৰতীয় তন্ময় আগৰৱালাই।

লগতে পঢ়কঃ আন্তৰ্জাতিক ন্যায় আদালতৰ ৰায় নামানে ইজৰাইলে; সৰ্বাত্মক যুদ্ধৰ ঘোষণা নেতানিয়াহুৰ

হায়দৰাবাদ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত মেচখনত অৰুণাচল প্ৰদেশে প্ৰথমে বেটিং কৰে। ড’ৰিয়াই অপৰাজিত ৯৭ ৰান সংগ্ৰহ কৰে। বিপৰীত দিশত উইকেট পৰি থাকিলেও অৰুণাচলৰ এই অ’পেনাৰ শেষ পর্যন্ত অপৰাজিত হৈ থাকে৷ কিন্তু ড’ৰিয়াই হয়তো গম পোৱা নাছিল যে তেওঁলোকৰ বলাৰৰ বাবে কি অপেক্ষা কৰি আছে। অৰুণাচলে ৩৯.৪ অভাৰত ১৭২ ৰান সংগ্ৰহ কৰি অল আউট হয়। তাৰ পিছত আৰম্ভ হ’ল বেটিং ধুমুহা।

হায়দৰাবাদৰ হৈ তন্ময় আগৰৱাল আৰু অধিনায়ক ৰাহুল সিং গেহলটে অ’পেন কৰে। প্ৰথম দিনটোৰ শেষত হায়দৰাবাদে ৪৮ অভাৰত মাত্ৰ ১টা উইকেট হেৰুৱাই ৫২৯ ৰান সংগ্ৰহ কৰে!

লগতে পঢ়কঃ অভূতপূৰ্ব! হাইকোৰ্টৰ দুই ন্যায়াধীশৰ সংঘাতত হস্তক্ষেপ ছুপ্ৰিম কোৰ্টৰ; গঠন সাংবিধানিক বিচাৰপীঠ

তন্ময় আগৰৱালক শতক, দ্বিশতকতো স্তব্ধ কৰিব পৰা নগ’ল। মাত্ৰ ২৮টা বলত ২০০ৰ পৰা ৩০০ত উপনীত হয় তন্ময়! মুঠতে ১৪৭টা বলৰ ট্ৰিপল চেঞ্চুৰীৰ ইনিংছ! দিনৰ শেষত ১৬০ বলত ৩২৩ ৰান কৰি অপৰাজিত হৈ আছে তন্ময়। হায়দৰাবাদৰ এই অ’পেনাৰখনে ৩৩টা বাউণ্ডেৰী আৰু ২১টা অভাৰ বাউণ্ডেৰী মাৰে।

খেলখনৰ প্ৰথম দিনাই এই অৱস্থা। দ্বিতীয় দিনা যদি তন্ময় আগৰৱালৰ মুড একেই থাকে! ব্রায়ান লাৰাৰ ৫০১ ৰানৰ অভিলেখ অতিক্রম কৰাৰো সম্ভাৱনা আছে তন্ময়ৰ। ভাৰতীয় ক্ৰিকেট প্ৰেমীসকলে তাৰেই অপেক্ষা কৰিছে।