• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আন্দোলনত ৮৫৫ জন অসমীয়া ডেকাৰ মৃত্যুৰ বাবে দায়ী আছু আৰু প্ৰফুল্ল মহন্ত : তৰুণ গগৈ

অনির্বান পাঠক by অনির্বান পাঠক
February 18, 2019 10:22 pm
assam759

অসম চুক্তি স্বাক্ষৰিত হোৱা ঐতিহাসিক মুহূৰ্তৰ ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতি লৈ কংগ্ৰেছে ‘অসম চুক্তি’ৰ কথা কোৱাৰ সময়তে একাংশই কংগ্ৰেছক অসম আন্দোলনত চহিদ হোৱা ৮৫৫ জন অসমীয়াৰ হত্যাকাৰী বুলি বিভিন্ন মাধ্যমত প্ৰকাশ কৰি আহিছে। কিন্তু এই মন্তব্যক উভতি ধৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে তেতিয়াৰ আন্দোলনৰ নেতৃত্বকহে ইয়াৰ বাবে দায়ী বুলি মন্তব্য কৰে।

‘৮৫৫ জন লোকৰ মৃত্যুৰ বাবে আছু আৰু প্ৰফুল্ল কুমাৰ মহন্ত দায়ী। তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৮০ চনতেই অসমলৈ আহি আন্দোলনকাৰী সকলক ১৯৭১ চনৰ ভিত্তি বছৰ মানি ল’বলৈ কৈছিল। তাৰ পাছত ১৯৬৭ লৈকেও মানি ল’বলৈ কৈছিল। কিন্তু তেতিয়া তেওঁলোকে এই কথা গ্ৰহণ নকৰিলে। যদি তেতিয়াই ইন্দিৰা গান্ধীৰ এই কথা মানি ল’লে হেতেন ৮৫৫ জন চহিদ নহ’ল হেতেন’, তৰুণ গগৈয়ে কয়।

তৰুণ গগৈয়ে লগতে কয় যে ১৯৮০ চনত আন্দোলনকাৰী নেতাসকলৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বয়স হোৱা নাছিল বাবেই তেতিয়া এই কথা মানি লোৱা নাছিল।

একেটা ভিত্তি বছৰকে ১৯৮৫ চনত আন্দোলনৰ নেতৃত্বই কি যুক্তিত মানি ল’লে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

তৰুণ গগৈয়ে লগতে ‘অসম চুক্তি’ কংগ্ৰেছেই কৰিছিল বুলি দাবী কৰি এই ক্ষেত্ৰত দলটো দায়বদ্ধ বুলিও কয়। ‘অসম চুক্তি’ সন্দৰ্ভত কংগ্ৰেছৰ মাত মতাৰ সম্পূৰ্ণ অধিকাৰ থকা বুলিও তেওঁ মত প্ৰকাশ কৰে।

ইপিনে, তৰুণ গগৈৰ এই মন্তব্যৰ পাছত বিষয়টো তথ্য সহকাৰে প্ৰমাণ কৰাৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল ভট্টাচাৰ্যই। তেওঁ লগতে এই মৃত্যুৰ বাবে তেতিয়াৰ শাসনাধিষ্ঠ কংগ্ৰেছই দায়ী বুলি মন্তব্য কৰে।

‘অসম আন্দোলনত ৮৫৫ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া ঘটনাৰ বাবে সেই সময়ৰ দিল্লী আৰু দিচপুৰত থকা চৰকাৰ দায়ী। অসমৰ মানুহে এটা সমস্যা সমাধানৰ বাবে ন্যায্য দাবী কৰি শান্তিপূৰ্ণ ভাৱে আন্দোলন কৰিছিল। কিন্তু তেতিয়াৰ চৰকাৰে ইয়াৰ ওপৰত দমন চলাবলৈ চেষ্টা কৰিছিল’, নৰ্থ-ইষ্ট নাওক সমুজ্বল ভট্টাচাৰ্যই কয়।

আনহাতে, তৰুণ গগৈৰ উক্ত মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অসম আন্দোলনৰ সময়ৰ আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই।

মহন্তই গণতান্ত্ৰিক আন্দোলনৰ বাবে ওলাই অহা মানুহক কংগ্ৰেছ চৰকাৰই গুলীয়াই মাৰিছিল বুলি মন্তব্য কৰাৰ লগতে কয়,” ৮৫৫ জন চহিদ হ’বলগীয়া হোৱাৰ বাবে কেৱল হিতেশ্বৰ শইকীয়াই নহয়, তৰুণ গগৈও দায়ী। সেই সময়ত গগৈও এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আছিল। তেওঁ অসমৰ সমস্যাৰ কথা দিল্লীক কিয় বুজাব পৰা নাছিল?”

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd