NORTHEAST NOW (Assamese)

ৰজাদিনীয়া খেল-ধেমালিৰ আয়োজনেৰে শিৱসাগৰত ৰংপুৰ মেলাৰ ব্যাপক প্ৰস্তুতি

January 12, 2019 11:37 am · পাৰ্শ্বজ্যোতি গগৈ
ফাইল ফটো

ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰৰ বাকৰিৰ ৰূপহী পথাৰত অহা ১ মাঘত টাই আহোম যুৱ পৰিষদ, অসম শিৱসাগৰ জিলা সমিতি আৰু ৰংপুৰ মেলা আয়েজক সমিতিয়ে আয়োজন কৰিবলৈ লৈছে ৰংপুৰ মেলা। সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰীক মূলমন্ত্ৰ হিচাপে লৈ আয়োজন কৰা এই ৰংপুৰ মেলাত আহোম ৰজাৰ দিনৰে চলি অহা বিভিন্ন ধৰণৰ খেল ধেমালী ম’হ যুঁজ, কুকুৰা যুঁজ, ৰছী টনা, পিছল খুটাত বগোৱা, টেকেলী ভঙা আদি অনুষ্ঠিত হ’ব।

১৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নৱম বৰ্ষিক ৰংপুৰ মেলা সফলতাৰে উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। সমগ্ৰ ৰাজ্যবাসীক ৰংপুৰ মেলাত অংশগ্ৰহণ কৰাৰ লগতে সহায় সহযোগিতা, দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে ৰংপুৰ মেলা উদযাপন সমিতিৰ সভাপতি চাও দিগন্ত তামুলী আৰু সাধাৰণ সম্পাদক চাও সুৰজ গগৈয়ে।

উল্লেখ্য যে,  ১৬৯৯ চনত চে-মুন্ বা ৰংপুৰ নগৰ প্ৰতিষ্ঠা কৰিছিল ৰূদ্ৰসিংহ স্বৰ্গদেৱে। যথেষ্ট ৰং ৰহইচ কৰি এই নগৰ প্ৰতিষ্ঠা কৰাৰ বাবে এই নগৰৰ নাম ৰংপুৰ ৰখা হৈছিল। স্বৰ্গদেউ ৰূদ্ৰসিংহই ৰূপহী পথাৰত শাল কাঠৰ চাং ঘৰ সাজি তাৰ পৰা শেন-কনুৱাৰ যুঁজ, বাঘ-ঘোঙৰ যুঁজ, হাতীৰ যুঁজ, ম’হযুঁজকে আদি কৰি বিভিন্ন জীৱ জন্তুৰ যুঁজ চাইছিল আৰু ৰাইজকো উপভোগ কৰাৰ সুবিধা কৰিছিল।

তাৰ পৰৱৰ্তী স্বৰ্গদেউ প্ৰমত্ত সিংহই কাঠৰ চাংঘৰটোক বৰ্তমানৰ পকী ৰংঘৰৰ ৰূপ দিয়ে। এই ৰংঘৰৰ ওপৰৰ পৰাই আহোম ৰজাই বিভিন্ন ধৰণৰ খেল ধেমালি উপভোগ কৰিছিল। এই ৰংঘৰক এচিয়াৰ প্ৰথমটো পেভেলিয়ান বুলিও কোৱা হয়।

Related News