• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশজুৰি লকডাউন চলিছে যদিও অসমৰ চাহ বাগিচাৰ শ্ৰমিকে নাজানে কৰ’নাভাইৰাছ কি?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2020 11:03 am

2 min read

IndiaTv9e508c_Assam-set-up-pa41761

প্ৰতিনিধিত্বমূলক ফটো

4.8k
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া দুখন ৰাজ্য মণিপুৰ আৰু মিজোৰামত নভেল কৰ’নাভাইৰাছৰ দুটা পজিটিভ ঘটনা পোহৰলৈ অহাৰ পাছত অসমত এতিয়া অতি সতৰ্কতা অৱলম্বন কৰা হৈছে।

অসম চৰকাৰে গোটেই ৰাজ্যখনতে উপযুক্ত প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তথা কঠোৰ নিৰীক্ষণ ৰাখিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে।

ৰাজ্যখনত ২১ দিনৰ বাবে ৰাষ্ট্ৰীয় লকডাউনৰ বাবে প্ৰস্তুতি চলাইছে যদিও দৈনিক হাজিৰা কৰা লোক, বিশেষকৈ চাহ বাগিচাৰ নিয়োজিত শ্ৰমিকসকললৈ কোনো ধৰণৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰা নাই।

ৰাজ্যখনৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে জানিবলৈ দিছে যে ৰাজ্য চৰকাৰে দৈনিক মজুৰি কৰা শ্ৰমিকসকলক কেনেদৰে সহায় কৰিব পৰা যায় সেই বিষয়ে চিন্তা চৰ্চা কৰি আছে আৰু শীঘ্ৰেই এক সিদ্ধান্ত গ্ৰহণ কৰিব।

মন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়া মতে শ্ৰম বিভাগে জিলা প্ৰশাসন, সামাজিক সংগঠন আৰু ট্ৰেড য়ুনিয়নৰ সৈতে যৌথভাৱে দৈনিক মজুৰ তথা চাহ শ্ৰমিকসকলক সহায় কৰাৰ বাবে কাম আৰম্ভ কৰিছে।

চৰকাৰে চাহ বাগিচাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি, ৰাজ্যখনৰ বাহিৰৰ পৰা অহা লোকসকলক হোম কোৱাৰানটাইনলৈ প্ৰেৰণ কৰা হৈছে।

ৰাজ্যখনত মুঠতে ৮০৩খন পঞ্জীকৃত চাহ বাগিচা আৰু দহ হাজাৰতকৈয়ো অধিক ক্ষুদ্ৰ চাহ বাগিচা আছে। চাহ উদ্যোগটোত প্ৰায় ৪৫ লাখ দৈনিক মজুৰি কৰা শ্ৰমিকে কাম কৰি আছে।

আনহাতে, চাহ বাগিচাৰ এক বৃহৎ সংখ্যক শ্ৰমিক এতিয়াও নভেল কৰ’নাভাইৰাছ সম্পৰ্কে সজাগ নহয়। তেওঁলোকক মাস্ক, হেণ্ড ছেনিটাইজাৰৰ দৰে প্ৰতিৰোধমূলক কোনো সামগ্ৰীও আগবঢ়োৱা হোৱা নাই।

বহু শ্ৰমিকে ভাইৰাছবিধ অহা বুলি শুনিছে যদিও কৰ’নাভাইৰাছ কি সেই বিষয়ে জ্ঞাত নহয়। বাগিচা কৰ্তৃপক্ষইয়ো তেওঁলোকক মাস্ক বা চাবোন আদি আগবঢ়োৱা নাই।

উল্লেখ্য যে অসমত এতিয়াও Covid-19 পজিটিভৰ কোনো ঘটনা পোহৰলৈ অহা নাই।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd