• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিস্তিত বোনাছ নলয় চাহ শ্ৰমিকে; পূজাৰ বোনাছৰ অনিশ্চয়তা এতিয়াও আঁতৰা নাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 30, 2019 5:16 pm

2 min read

সুখবৰ : চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ
453
VIEWS
Share on FacebookShare on Twitter

লোকচানৰ দোহাই দি সৰ্বনিম্ন ৮.৩৩ শতাংশ বোনাছ দিবলৈ ওলোৱা অসমৰ বাগিচা কৰ্তৃপক্ষবোৰ অৱশেষত সৰ্বাধিক ২০ শতাংশ বোনাছ দিয়াৰ বাবে সন্মত হ’ল যদিও এই বোনাছ দুই-তিনিটা কিস্তিতহে দিয়া হ’ব বুলি জানিব পাৰি প্ৰতিবাদৰ কাৰ্য্যসূচী লৈছে চাহ শ্ৰমিকসকলে।

তিনিচুকীয়া জিলাৰ মেকলয়ড ৰাছেল মালিকানাধীন মাৰ্ঘেটৰিটা চাহ বাগিচাই তিনিটা কিস্তিত, মাৰ্ঘেৰিটাৰে পাৱৈ চাহ বাগিচাই দুটা কিস্তিত (১৫% আৰু ৫%) আৰু ডুমডুমাৰ বুদলাবেটা চাহ বাগিচা, আমগুৰি চাহ বাগিচা, ষ্টুৱাৰ্ট হ’ল চাহ বাগিচা, আছাম কোম্পানি, গডৰিক আদিকে ধৰি উজনি অসমৰ কেইবাখনো বাগিচাৰ কৰ্তৃপক্ষই কিস্তি হিচাপে বোনাছ দিয়া হ’ব বুলি ইতিমধ্যে জনাই দিছিল।

প্ৰায়বোৰ বাগিচাৰ শ্ৰমিকসকলে কিস্তিত বোনাছ দিয়াৰ সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰিছে।

কিস্তিত বোনাছ দিয়াৰ সিদ্ধান্তক তেওঁলোকে মালিকপক্ষৰ এক ধৰণৰ কৌশল বুলি দাবী কৰাৰ লগতে ইয়াৰ ফলত পূজাত বোনাছৰ পৰা পাব পৰা উপকাৰৰ পৰা চাহ শ্ৰমিকসকল বঞ্চিত হ’ব বুলি জানিবলৈ দিয়ে।

দেওবাৰে মাৰ্ঘেৰিটা চাহ বাগিচাত প্ৰায় তিনি হাজাৰ চাহ শ্ৰমিকে বাগিচাখনৰ কিস্তিত বোনাছ দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

উজনি অসমৰ আন আন বাগিচাতো একেই প্ৰতিবাদী কাৰ্য্যসূচী লয় চাহ শ্ৰমিকসকলে।

অসম চাহ জনজাতি ছাত্ৰ সন্থা, চমুকৈ আটছাই (ATTSA) বাগিচা কৰ্তৃপক্ষবোৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি সম্পূৰ্ণ বোনাছ দিবলৈ আহ্বান জনাই ইয়াৰ অন্যথাই আন্দোলনৰ ভাবুকি দিয়ে।

অহা ৪ অক্টোবৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হ’ব যদিও কম মজুৰিৰে গোটেই বছৰটো চাহ বাগিচাত কঠোৰ পৰিশ্ৰম কৰা শ্ৰমিকসকলৰ বোনাছৰ এই অনিশ্চয়তা এতিয়াও আঁতৰা নাই।

২০ শতাংশকৈ বোনাছ পালে নিয়মীয়া শ্ৰমিক এজনে ১০হাজাৰ টকাৰ পৰা ২০ হাজাৰ টকাৰ বোনাছ লাভ কৰে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd