NORTHEAST NOW (Assamese)

একেলগে ২৫ খন স্কুলত শিক্ষকতা কৰি ১কোটি টকা উপাৰ্জন কৰিলে এগৰাকী শিক্ষয়ত্ৰীয়ে; তাৰপাছত?

June 6, 2020 12:42 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যিক প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীয়ে এবছৰতকৈ অধিক কাল একেলগে ২৫খন স্কুলত শিক্ষকতা কৰি প্ৰায় ১ কোটি টকা উপাৰ্জন কৰিছে।

এনে চকু কপালত উঠা ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

বিভাগীয়ভাৱে শিক্ষকৰ ডাটাবেছ প্ৰস্তুত কৰাৰ সময়তে এই ঘটনা পোহৰলৈ আহে আৰু তাৰ পাছতে শিক্ষয়ত্ৰী গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হয়।

প্ৰাথমিক শিক্ষা বিভাগে জানিব দিয়া মতে ডাটাবেছ প্ৰস্তুত কৰাৰ সময়ত দেখা যায় যে একেগৰাকী শিক্ষয়ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ২৫খন ভিন্ন স্কুলত নিয়োজিত হৈছিল।

কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়ৰ এগৰাকী নিয়মীয়া শিক্ষয়ত্ৰী অনামিকা শুক্লাক একেলগে ২৫খন স্কুলত কাম কৰি আছিল।

তেওঁ ৰাজ্যখনৰ আমেথি, আম্বেদকাৰ নগৰ, ৰায়বেৰেলি, প্ৰয়াগৰাজ, আলিগড়ৰ দৰে আন জিলাতো শিক্ষয়ত্ৰী হিচাপে পঞ্জীয়ন হৈ আছে।

ডিজিটেল ডাটাবেছ থকা সত্ত্বেও তেওঁ চলিত বছৰৰ ফেব্ৰুৱাৰীলৈকে ১৩ মাহতকৈয়ো অধিক কালছোৱাত বিভাগৰ পৰা দৰমহা হিচাপে প্ৰায় ১ কোটি টকা প্ৰৱঞ্চনাৰে সৰকাইছে।

ৰাজ্যখনৰ প্ৰাথমিক শিক্ষা বিভাগৰ মন্ত্ৰী ড০ সতীশ দ্বিবেদীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে ছচিয়েল মিডিয়াৰ জৰিয়তে ঘটনাটো পোহৰলৈ অহাৰ পাছতে তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

তেওঁ জানিবলৈ দিয়া মতে এগৰাকী বিজ্ঞান শিক্ষক হিচাপে ঠিকাভিত্তিত নিযুক্ত অনামিকা শুক্লাই চাৰিখন জিলাৰ বাবে নিয়োজিত হৈছিল আৰু বিভাগে তেওঁক ৫লাখ টকা আদায় দিছিল। বৰ্তমান তেওঁক বিচাৰি পোৱা নাই।

শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে আৰু তদন্ত চলাই থকা হৈছে।

বিভাগৰ হাতত থকা তথ্য অনুসৰি অনামিকা শুক্লা মেইনপুৰী জিলাৰ বাসিন্দা। বিভাগে শিক্ষয়ত্ৰীগৰাকীলৈ জাননী প্ৰেৰণ কৰিছে যদিও তেওঁ কোনো সঁহাৰি জনোৱা নাই।

তেওঁৰ দৰমহা তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়া হৈছে আৰু শিক্ষা বিভাগে বিভিন্ন বিদ্যালয়ৰ পৰা দৰমহা গ্ৰহণ কৰাৰ বাবে তেওঁ একেটা একাউন্টে ব্যৱহাৰ কৰিছিল নে তাৰো অনুসন্ধান চলাই আছে।

বিভাগীয় মন্ত্ৰীয়ে শিক্ষয়ত্ৰীগৰকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিছে।

Related News