NORTHEAST NOW (Assamese)

৭৪ সংখ্যক স্বাধীনতা দিৱসত কোকিলা প্ৰেছ ক্লাৱৰ উদ্যোগত আদৰ্শ শিক্ষক, আদৰ্শ খেতিয়ক আৰু কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা ও বটাঁ প্ৰদান

August 16, 2020 3:29 pm · ইয়াছিন আলী
Updated: August 16, 2020 3:31 pm

সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাৰ কোকিলা প্ৰেছ ক্লাৱত ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন কৰে প্ৰেছ ক্লাৱৰ সভাপতি মকিবুল ইছলামে।

ক্লাৱৰ প্ৰেক্ষাগৃহত প্ৰেছ ক্লাৱৰ উপদেষ্টা দবিৰ উদ্দিন আহমেদৰ পৌৰহিত্বত অনুষ্ঠিত সভাত ৩ জনকৈ আদৰ্শ শিক্ষক ক্ৰমে নাম্বাৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ইয়াছিন আলী আহমেদ, ৯৯৪ নং কোকিলা নয়াপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষক উত্তম কুমাৰ ৰয়, কোকিলা এম ই এমৰ শিক্ষক নৱকুমাৰ দাস, ৫ জনকৈ আদৰ্শ খেতিয়ক ইন্তাজ আলী (কোকিলা), আব্দুল কৰিম (ভাণ্ডাৰা), মনিৰুল ইছলাম, জিয়াৰুল হক, আজিজুৰ ৰহমান আৰু  ৮ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিধান, ফুলাম গামোচা, মানপত্ৰ, কলম, কিতাপ আৰু ট্ৰফীৰে সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা সভা পৰিচালনা কৰে কোকিলা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে।

সভাত উপস্থিত থাকে উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰী, নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰবক্তা আবু বক্কাৰ ছিদ্দিক, কবি, সাহিত্যিক সাংবাদিক এম আকবৰ হুছেইন, অৱসৰপ্ৰাপ্ত শিক্ষক লিয়াকৎ আলী খান, চি কে মহাবিদ্যালয়ৰ অধ্যক্ষ শ্বহিদুল ইছলাম, সৃজনগ্ৰামৰ সাংবাদিক অপূৰ্ব দাস, কলগাছিয়াৰ সাংবাদিক আব্দুল হাই, জপেয়া-নাম্বাৰপাৰা জিলা পৰিষদৰ সদস্য খাইৰুল ইছলাম।

তেওঁলোক উপৰিও সৃজনগ্ৰাম আঞ্চলিক পঞ্চায়তৰ সভাপতি মন্তাজ আলী, নাম্বাৰপাৰা আঃ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা আব্দুল কালাম আজাদ, কোকিলা আৰক্ষী নিৰক্ষীন চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ কলিতা, নাম্বাৰপাৰা চাকলা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰৌশনাৰা খাতুন, চি আৰ চি চি ক্ৰমে গুলজাৰ হুছেইন, গোলাপ হুছেইন, ৰেজাউল হক, দূৰ্নীতি নিৱাৰক ও তদাৰক সমিতিৰ বঙাইগাঁও জিলাৰ সভাপতি হাফিজ আমিৰুল ইছলামসহ প্ৰায় অৰ্ধশতাধিক ৰাইজ উপস্থিত থাকে।

আনহাতে কোকিলা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰা দেখা যায়।

Related News