“গণতান্ত্রিক যুৱ পৰিষদ অসম চমুকৈ (জিপা)ই ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অভয়াপুৰি উত্তৰ বিধানসভা সমিষ্টিৰ বালাৰচৰ গাঁৱৰ পেঞ্চন প্ৰাপ্ত মুক্তি যুঁজাৰু মৰহুম মহম্মদ আলি সৰকাৰক মৰণোত্তৰ বাবে তেখেতৰ সহধৰ্ম্মিণী মোছা: সাজিৰণ নেছা সৰকাৰ ৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰে।
সম্বৰ্ধনা অনুষ্ঠানত জিপাৰ উপদেষ্টা ড০ ইফতিকাৰ আলী আহমেদ, উপ-সভাপতি ডা: জাকিৰ হুছাইন, শিক্ষা সম্পাদক জাহিদুল ইছলাম মিৰ্ধা, আলোচনী সম্পাদক মো: মোস্তাফিজুৰ ৰহমান, প্ৰচাৰ সম্পাদক জাকিৰ হুছেইন, সৃজনগ্ৰাম ব্লক এৰিয়া কমিটিৰ সাধাৰণ সম্পাদক ইয়াছিন আলী, মুক্তিযুঁজাৰুজনৰ সুযোগ্য সন্তান চামছুল হক, কন্যা হুনুফা খাতুন, ছুফিয়া খাতুন, নাতি ক্ৰমে আবু ছায়েদ মোল্লা (ৰাজেশ), জেহেৰুল ইছলাম, স্থানীয় শিক্ষিত যুৱক গোলবৰ আলী, বিকে জুনিয়াৰ কলেজৰ অধ্যক্ষ আবু ছায়েদ আহমেদ আদিৰ লগতে বহু কেইজন গুণমুগ্ধ ব্যক্তি উপস্থিত থাকে সভাত।
গণতান্ত্ৰিক যুৱ পৰিষদ অসমৰ উপদেষ্টা ডঃ ইফতিকাৰ আলী আহমেদে ভাষণ প্ৰসঙ্গত কয় যে স্বাধীনতা সংগ্ৰামীসকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দেশ মাতৃৰ ৰক্ষাৰ্থে নিজকে উছৰ্গিত কৰিছিল। যাৰ বাবে আজি আমি এখন স্বাধীন দেশৰ নাগৰিক হ’ব পাৰিছো।
সভাত জিপাৰ উপ-সভাপতি ডঃ জাকিৰ হুছেইনে কয় যে আমি শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগিব। অন্যথা উঠি অহা প্ৰজন্ম বিপথে পৰিচালিত হব লগতে শিক্ষা সম্পৰ্কীয় বহু মূল্যৱান ভাষণ আগবঢ়ায়।
জিপাৰ সভাপতি ডঃ আনোৱাৰ হুছেইনে কয় যে শিক্ষাই মুক্তিৰ এক মাত্ৰ পথ। সেয়া সু শিক্ষাৰে শিক্ষিত হৈ হে এজন সুস্থ মানুহে এটা সুস্থ সমাজ তথা দেশ গঢ় দিয়াত সহযোগী হ’ব পাৰে।
সভাত উপস্থিত থাকে জিপাৰ সৃজনগ্ৰাম ব্লক এৰিয়াৰ সম্পাদক ইয়াছিন আলী। ইয়াছিন আলীয়ে ভাষণত প্ৰত্যেক জন যুজাঁৰুক এটা এটা মূল্যৱান সম্পদ কয়। লগতে মুক্তি যুঁজাৰু মহম্মদ আলী সৰকাৰ বালিৰ চৰৰ মাণিক বুলি অভিহিত কৰে।
এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কোকিলা, নাম্বাৰপাৰা-চাকলা, গোলাপাৰা আৰু বালাৰচৰ গাঁও পঞ্চায়তৰ প্ৰায় এশ দুৰ্গত পৰিয়ালক ২৫ কেজি কৈ চাউল, ১ কেজি আলু, ১ কেজি দাইল বিতৰণ কৰে।
অৱশেষত জিপাৰ কৰ্ম কৰ্তা সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰে মুক্তি যুঁজাৰু পৰিয়ালে।