NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

May 23, 2022 3:00 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: May 23, 2022 3:01 pm

সদৌ অসম অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা সমিতিৰ সভাপতি হিৰণ্য কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক চবিন কুমাৰ ৰাভাই ৷

সেইদৰে সম্বৰ্ধনা পৰ্বৰ আঁত ধৰে সহকাৰী সম্পাদক ছাইদুল হকে ৷

কেন্দ্ৰীয় সমিতিৰ সভাপতি সুৰেশ্বৰ ডেকা, কাৰ্যকৰী সভাপতি আব্দুল আহমেদ আৰু সম্পাদক মুকুল মেধি উপস্থিত থকা সভাখনত শিক্ষক সমাজৰ সাম্প্ৰতিক আৰু শেহতীয়া স্থিতিক লৈ আলোচনা হয় ৷

আলোচনা কালত কেন্দ্ৰীয় সমিতিৰ সভাপতি সুৰেশ্বৰ ডেকাই তেওঁলোকৰ দৰমহা প্ৰদান প্ৰক্ৰিয়াটো চিলিং মুক্ত কৰি স্থানীয় কোষাগাৰৰ জৰিয়তে প্ৰদান কৰাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে অনাগত দিনত এন পি এচ, মৃত শিক্ষকৰ পৰিয়ালক এককালীন সাহায্য আৰু অন্যান্য প্ৰাপ্য সুবিধাসমূহ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰে ৷ সভাত লগতে অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সমাজৰ ভৱিষ্যৎ সুনিশ্চিতকৰণ আৰু নিৰাপত্তাৰ লগত আপোচ কৰা নহ’ব বুলিও ব্যক্ত কৰে ৷

Related News