DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বামুণী পাহাৰত মৃত্যু ঘটা ১৮ টা হাতীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, এটা হাতীৰ দেহতহে পোৰাৰ চিন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2021 7:22 pm
El
531
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যতে জোকাৰণিৰ সৃষ্টি কৰা নগাঁৱৰ বামুণী পাহাৰত ৰহস্যজনক ভাবে মৃত্যুক সাৱটি লোৱা ১৮ টাকৈ হাতীৰ আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।

প্ৰাথমিক পৰ্যায়ত হাতী কেইটাৰ মৃত্যু বজ্ৰপাতৰ ফলত হোৱা বুলি বহুতে ক’ব বিচাৰিছে যদিও মৰণোত্তৰ পৰীক্ষাত কেৱল এটা হাতীৰ দেহতহে পোৰাৰ চিন পোৱা গৈছে।

হাতী কেইটাৰ বিষক্ৰিয়াত মৃত্যু ঘটিব পাৰে নেকি সেই বিষয়টো নিশ্চিত কৰিবলৈ আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা পশু চিকিৎসকৰ দলটোৱে মৃত হাতী কেইটাৰ পাকস্থলীৰ কিছু অংশ পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হয়।

়সেই অংশ সমূহ পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পিছতে হাতী কেইটাৰ মৃত্যু বিষক্ৰিয়াত হৈছে নেকি সেয়া নিশ্চিত কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

পশু চিকিৎসকৰ দলটোৱে মৃত হাতী কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহা সপ্তাহত সংশ্লিষ্ট কৰ্তৃপক্ষক দাখিল কৰাৰ সম্ভাৱনা আছে।

ইপিনে আজি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই হাতী কেইটাৰ মৃত্যু ঘটা স্থান পৰিদৰ্শন কৰে।

হাতী কেইটা পাহাৰতে পুতি থোৱাৰ কথা ভবা হৈছিল যদিও পাহাৰৰ শিলাময় ভূমিত গাঁত খন্দাত অসুবিধা হোৱাত হাতী কেইটাৰ সৎকাৰত যথেষ্ট পলম হ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য নগাঁও জিলাৰ বঢ়মপুৰৰ বামুণী পাহাৰত কালি উদ্ধাৰ হৈছিল ১৮  টাকৈ বন্যস্তীৰ মৃতদেহ।

কালি পুৱাৰ ভাগত পাহাৰলৈ খৰি লুৰিবলৈ যোৱা লোকে মৃত হাতী কেইটা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়ে।

ৰাইজে লগে লগে নগাঁৱৰ বন বিভাগক ঘটনাটোৰ বিষয়ে অৱগত কৰাৰ পিছতে বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।

বনবিভাগৰ লোকে  বজ্ৰপাতৰ ফলতে এনেদৰে হাতী কেইটাৰ মৃত্যুক ঘটিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও ৰাজ্যৰ এগৰাকী আগশাৰীৰ হস্তী বিশেষজ্ঞ বিজয়ানন্দ চৌধুৰীয়ে হাতী কেইটাৰ  বিষক্ৰিয়াজনিত কাৰণতে মৃত্যু হোৱাৰ সম্ভাৱনা বেছি বুলি সন্দেহ ব্যক্ত কৰিছিল।

একেলগে এনেদৰে ১৮ টাকৈ বন্যহস্তীৰ মৃত্যুৱে এতিয়া ব্যথিত কৰি তুলিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী লোকসকলক।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd