• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰেমিকে ফোন ৰিছিভ নকৰাৰ বাবেই সহপাঠীসহ বিহ খাই আত্মহত্যা কিশোৰীৰ: সংকটজনক অৱস্থাত চিকিৎসাধীন আন এগৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2022 4:48 pm
Teen Consumes Poison
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাই তোলপাৰ লগাইছে মধ্য প্ৰদেশৰ ইন্দোৰ জিলাত। ইন্দোৰৰ কাষৰীয়া চেহোৰ জিলাৰ দুগৰাকী সহপাঠী কিশোৰীয়ে ইন্দোৰত নিজৰ প্ৰেমিকক লগ কৰিবলৈ গৈ বিমুখ হোৱাৰ বাবেই একেলগে বিহ সেৱন কৰি আত্মহত্যা কৰাৰ লগতে আন এগৰাকী সহপাঠী সংকটজনক অৱস্থাত চিকিৎসাধীন হ’বলগীয়া হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে শুকুৰবাৰে তিনিওগৰাকী সহপাঠী কিশোৰীয়ে চেহোৰ জিলাৰ আষ্টা চহৰত থকা তেওঁলোকৰ বিদ্যালয়ৰ পৰা শ্ৰেণীত উপস্থিত নথকাকৈ বাহিৰে বাহিৰে প্ৰায় ১০০ কিলোমিটাৰতকৈও অধিক দূৰত থকা ইন্দোৰ অভিমুখে এখন বাছত উঠি যাত্ৰা কৰে।

Apply Now

তিনিও কিশোৰীৰ মাজৰ এগৰাকীয়ে প্ৰেমিকলৈ বাৰে বাৰে ফোন কৰাৰ পাছতো প্ৰেমিকে ফোন ৰিছিভ নকৰাৰ বাবেই সহপাঠী আন দুগৰাকী কিশোৰীৰ সৈতে ইন্দোৰলৈ ৰাওনা হয়। যদি ইন্দোৰত প্ৰেমিকৰ সাক্ষাৎ নাপায়, তেতিয়াহ’লে তাতেই দুই বান্ধৱীৰ সৈতে আত্মহত্যা কৰাৰ সিদ্ধান্ত লয় কিশোৰীগৰাকীয়ে।

এই উদ্দেশ্যে কিশোৰীগৰাকীয়ে অষ্টাৰ এখন দোকানৰ পৰাই ইন্দোৰ অভিমুখে যোৱাৰ পূৰ্বে বিহ সংগ্ৰহ কৰে। তাৰ পিছতে ইন্দোৰত উপস্থিত হৈ কিশোৰীগৰাকীয়ে পুনৰ প্ৰেমিকলৈ ফোন লগায় যদিও পুনৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে প্ৰেমিকগৰাকী।

বাৰে বাৰে যোগাযোগ কৰাৰ পাছতো নিৰাশ হোৱাত কিশোৰীগৰাকীয়ে পূৰ্বে লোৱা সিদ্ধান্ত মতেই বিহ পান কৰে। ইফালে বান্ধৱীৰ এই সিদ্ধান্ত অনুসৰণ কৰি আন দুগৰাকী সহপাঠীয়েও লগে লগে বিহ পান কৰে।

ইন্দোৰৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে বিহ পানৰ পিছতে দুগৰাকী কিশোৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আন এগৰাকী কিশোৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। বৰ্তমান এই কিশোৰীগৰাকী সংকটজনক অৱস্থাত স্থানীয় এক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

তেওঁ লগতে উল্লেখ কৰা মতে কিশোৰী কেইগৰাকীৰ পৰা কোনো চুইচাইড নোট এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই। চিকিৎসাধীন কিশোৰী গৰাকীৰ বক্তব্যৰ ওপৰতে বিষয়টোৰ অনুসন্ধানৰ বাবে সম্পূৰ্ণ নিৰ্ভৰ কৰি আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd