কি দিন পৰিল! বিচাৰি টকা নাপালে, ভাড়াতীয়া গুণ্ডা লগাই নিজৰ পিতৃকে গুলীয়াই হত্যা কৰালে কিশোৰে

প্ৰতিনিধিত্বমূলক ফটো।

ভাড়াতীয়া গুণ্ডা লগাই পিতৃক হত্যা কৰালে এজন কিশোৰে। এই কামৰ বাবে তেওঁ তিনিজন লোকক ভাড়া কৰিছিল। তেওঁলোকৰ গুলীত কিশোৰজনৰ ব্যৱসায়ী পিতৃৰ মৃত্যু হয়। আৰক্ষীয়ে তিনিওটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে। ১৬ বছৰীয়া নাবালককো গ্ৰেপ্তাৰ কৰা হয়। তেওঁক সোধা-পোছা কৰাৰ অন্তত আৰক্ষীয়ে গম পালে যে ল’ৰাটোৱে দেউতাকৰ পৰা টকা বিচাৰিছিল। তেওঁ পৰ্যাপ্ত ধন দিবলৈ সন্মত হোৱা নাছিল বাবে এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰা হৈছিল।

উত্তৰ প্ৰদেশৰ প্ৰতাপগড় অঞ্চলত সংঘটিত হৈছে এই ঘটনা। মৃত ব্যৱসায়ীজনৰ নাম মহম্মদ নইম (৫০)। তেওঁৰ এখন সোণৰ দোকান আছিল। বৃহস্পতিবাৰে দুৰ্বৃত্তই তেওঁক গুলীয়াই হত্যা কৰে। তেওঁক হত্যা কৰিবলৈ বাইকত উঠি আহিছিল তিনিজন দুষ্কৃতিকাৰী। আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোকসকলক জেৰা কৰাৰ পিছত এই হত্যাকাণ্ডৰ বাবে তেওঁলোকক ভাড়া কৰা হৈছিল বুলি জানিব পৰা গৈছে। ব্যৱসায়ীজনৰ পুত্ৰই টকাৰ বিনিময়ত এই কাম কৰিবলৈ কৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে কিশোৰজনকো গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়কঃ উৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে অধিক হোলী বিশেষ ৰে’ল; কেইখনমান ৰে’লৰ অতিৰিক্ত ষ্টপেজ প্ৰদান

কিশোৰজনে আৰক্ষীক জনোৱা মতে, তেওঁ পিতৃৰ পৰা কিছু টকা বিচাৰিছিল। সেয়া নোপোৱাত হত্যা কৰাৰ পৰিকল্পনা কৰে। ভাড়াতীয়া গুণ্ডাক ছয় লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল কিশোৰজনে। কামৰ আগতে ডেৰ লাখ টকা অগ্ৰিম হিচাপে দিয়া হৈছিল। কিশোৰজনে দুস্কৃতিকাৰীক কয় যে পিতৃক হত্যা কৰিব পাৰিলে বাকী টকাখিনি দিব।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি দুষ্কৃতিকাৰী হৈছে পীয়ুষ পাল, শুভম ছোনী আৰু প্ৰিয়ংশু। ঘটনাৰ সময়ত তিনিওজন দুষ্কৃতিকাৰী বাইকত আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তদন্তত আৰক্ষীয়ে গম পায় যে কিশোৰজনে মাজেসময়ে পিতৃৰ সোণৰ দোকানৰ পৰা টকা চুৰি কৰিছিল। পিতৃৰ পৰা বিচাৰিলে ধন পোৱা নাছিল। এই টকাৰ বাবেই তেওঁ আগতেও পিতৃক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু একাধিকবাৰ বিফল হৈছিল।

লগতে পঢ়কঃIPL 2024: স্বমহিমাৰে উজলিল ৰাছেল, শেষ অভাৰত নায়ক হৰ্ষিত; হায়দৰাবাদৰ বিৰুদ্ধে ৰুদ্ধশ্বাস জয় কলকাতাৰ

কিশোৰজনৰ বিৰুদ্ধে জুভেনাইল আদালতত বিচাৰ হ’ব বুলি জানিবলৈ দিয়ে প্ৰতাপগড়ৰ সহকাৰী আৰক্ষী অধীক্ষক দুৰ্গেশ কুমাৰ সিঙে। সদ্যহতে তেওঁক জুভেনাইল চেণ্টাৰত ৰখা হৈছে।