চামগুৰিত পথ দুৰ্ঘটনাত থিতাতে নিহত কিশোৰী: অঞ্চলজুৰি শোকৰ ছাঁ

Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো

নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি সাপ্তাহিক বজাৰৰ পথত বৃহস্পতিবাৰে আবেলি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এগৰাকী কিশোৰী থিতাতে  নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে চামগুৰি সাপ্তাহিক বজাৰৰ পথত বৃহস্পতিবাৰে দুপৰীয়া ভাগত নগাওঁ দিশৰ পৰা বাজিয়াগাওঁ পেনাই অভিমুখে গৈ থকা এএছ ০২ এ চি ৪৬৮০ নম্বৰৰ ট্ৰাক খনে ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত লাওঁখোৱাৰ  নিবাসী জামালউদ্দিনৰ কন্যা ফাতেমা বেগম (৮) নামৰ কিশোৰী গৰাকীক মহতিয়াই নিয়াৰ ফলত কিশোৰী গৰাকী থিতাতে নিহত হয়৷

ঘটনা সংঘটিত হোৱাৰ পাছত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পথ দুৰ্ঘটনাটো সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে কিশোৰী গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে কিশোৰী ফাতেমাই তেওঁৰ পিতৃ,আইতাকৰ লগতে পৰিয়ালটোৱে এন আৰ চিৰ বাবে লংকাৰ পৰা আহি চামগুৰিত নামি আইতাকৰ হাতত ধৰি টেম্পুত উঠিবলৈ গৈ থাকোতে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়।