NORTHEAST NOW (Assamese)

জাগুনত ৯বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা লম্পটক ৰাইজে উত্তম-মধ্যম শোধাই গতালে আৰক্ষীক

December 28, 2018 7:35 am · মানস প্ৰতিম গগৈ
Updated: December 28, 2018 8:13 am
ধৰ্ষণকাৰী প্ৰকাশ তামাং ফটো : নৰ্থ-ইষ্ট নাও

তিনিচুকীয়া জিলাৰ জাগুনত সংঘটিত এটা ঘটনাই পুনৰ লজ্জানত কৰিলে মানৱ সমাজক। এজন পুৰুষৰ কামনাৰ বলি হ’ব লগীয়া হ’ল এগৰাকী ৯ বছৰীয়া কিশোৰী। এই ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ জাগুন অঞ্চলতে এক চাঞ্চল্যময় পৰিৱেশে বিৰাজ কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত দহমাইলৰ পাৰ্বতীপুৰৰ প্ৰকাশ তামাং(৩৫) নামৰ লম্পট ব্যক্তিজনে ২৬ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে একে গাঁ‌ৱৰে এগৰাকী ৯ বছৰীয়া কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ গ্রহণ কৰি বলাৎকাৰৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰে।

ইপিনে এই ঘটনাটো সংঘটিত হোৱাৰ দিনাখন কিশোৰীগৰাকীয়ে কাৰোৱে আগত নকয় যদিও ২৭ ডিচেম্বৰৰ দিনা পৰিয়ালৰ লোকক অৱগত কৰে। লগে লগে ঘটনাটোৰ সবিশেষ স্থানীয় ৰাইজে গম পোৱাত বলাৎকাৰী প্ৰকাশ তামাঙক কৰায়ত্ত কৰি বেয়াকৈ মাৰ-ধৰ কৰে আৰু পাছত উক্ত লম্পট ধৰ্ষণকাৰীজনক জাগুন আৰক্ষীক চমজাই দিয়ে।

উল্লেখ্য যে স্থানীয় ৰাইজে ধৰ্ষণকাৰী প্ৰকাশ তামাঙক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে।

Related News