• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে শিৱসাগৰত দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ; গ্ৰেপ্তাৰৰ দাবী

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 28, 2018 7:15 am
Ajmal-768x576
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
এ আই য়ু ডি এফৰ সাংসদ বদৰুদ্দিন আজমলে এখন সংবাদমেলৰ সময়ত প্ৰশ্ন কৰা বাবেই এজন সাংবাদিকক কৰা চূড়ান্ত অপমানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ কেইবাটাও দল-সংগঠনে।
উজনি অসম মুছলিম কল্যাণ পৰিষদ, শিৱসাগৰ জিলাৰ গ্ৰাম্য সাংবাদিক সন্থা, তাই আহোম যুৱ পৰিষদ, শিৱসাগৰ জিলা সাংবাদিক সন্থা, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, আহোম ৰয়েল চ’ছাইটি, দিচাংমুখ প্ৰেছ ক্লাব, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, আটছাৰ শিৱসাগৰ জিলা সমিতি, আটাছুৰ শিৱসাগৰ মহকুমা সমিতি, বেতবাৰীৰ আটাছু আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বেতবাৰী সমিতিয়ে আজমলৰ আচৰণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়া আৰু সাধাৰণ সম্পাদক অহিদুৰ জামান চৌধুৰীয়ে কয় যে বদৰুদ্দিন আজমল অসমৰ খিলঞ্জীয়া মুছলমানৰ অভিভাৱক নহয়। সাংসদ আজমল কেৱল বংগভাষী মুছলমানৰহে অভিভাৱক। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদ মাধ্যম আৰু সাংবাদিকক অপমান কৰা আজমলৰ বিৰুদ্ধে দেশৰ সংবাদ মাধ্যমে এক শক্তিশালী গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তোলাৰ লগতে ৰাজ্য চৰকাৰেও এইগৰাকী সংসদৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ব্যক্ত কৰে।
আনহাতে বাতৰিকাকতলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিৰ জৰিয়তে শিৱসাগৰ জিলাৰ গ্ৰাম্য সাংবাদিক সন্থাৰ সভাপতি ৰজনিকান্ত পাংগিং আৰু সহকাৰী সাধাৰণ সম্পাদক কল্যাণজ্যোতি বুঢ়াগোঁহায়ে কয় যে, সংবাদমেল আয়োজন কৰি সাংবাদিকক মাতি সাংবাদিকক অপমান কৰাটো অতি দুৰ্ভাগ্যজনক। শিষ্টাচাৰ নজনা এ আই য়ু ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি তেওঁ দাবী জনায়।
তাই আহোম যুৱ পৰিষদৰ নেতা হেমন্ত চাংমায়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আৰু সাংবাদিকৰ প্ৰতি অশ্লীল ভাষাৰে চৰম অপমান কৰা আজমলক আইনী ব্যৱস্থাৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে।
শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক জয়জ্যোতি গগৈয়ে কতৰ্ব্যৰত সাংবাদিকক অপমান কৰা কাৰ্য্যক গৰিহণা দিয়াৰ লগতে এনে কাৰ্য্যই বদৰুদ্দিন আজমলৰ সংসদ পদৰ মৰ্য্যাদাও লাঘৱ কৰা বুলি মন্তব্য কৰে। গগৈয়ে আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে।
আজমলৰ এই কাৰ্য্যক কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি যুগান্তৰ বৰদলৈয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে আজমলৰ দৰে নেতাক সামাজিকভাৱে বৰ্জন কৰিবলৈ আহ্বান জনায়।
সাংবাদিকক অপমান কৰা কাৰ্য্যক তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আহোম ৰয়েল চ’ছাইটিৰ উপ সভাপতি হিমাংশু নেওগে। নেওগে আজমলক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।
দিচাংমুখ প্ৰেছ ক্লাবৰ সভাপতি কুমাৰ অভিজিত দুৱাৰাই সাংবাদিকক অপমান কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰি আজমলৰ ওপৰত আইনী ব্যৱস্থা লবলৈ দাবী জনাইছে।
শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক চৈয়দ আব্দুল মোকাদ্দিছ, আটছাৰ জিলা সমিতিৰ সহকাৰী সম্পাদক দীপু তাঁতী, আটাছুৰ শিৱসাগৰ মহকুমা সমিতিৰ অভিজিত বৰপাত্ৰ গোঁহাই, বেতবাৰীৰ আটাছু নেতা দীপাংকৰ কোঁৱৰ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বেতবাৰী সমিতিৰ সমুজ্জ্বল বৰুৱাই আজমলৰ কাৰ্যক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে গ্ৰেপ্তাৰ কাৰৰ দাবী উত্থাপন কৰে।
উল্লেখযোগ্য যে ২৬ ডিচেম্বৰৰ দিনা এ আই য়ু ডি এফৰ জিলা পৰিষদৰ নিৰ্বাচিত সদস্য সকলক সম্বৰ্ধনা জনাবলৈ হাটশিঙীমাৰিত অনুষ্ঠিত দলটোৰ এখন সভাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়তে বদৰুদ্দিনে এজন সাংবাদিকক অপদস্থ কৰিছিল। সাংবাদিকজনে সোধা প্ৰশ্নত আহত হৈ বদৰুদ্দিনে তেওঁক ‘কুকুৰ’, ‘বদমাচ’ আদি শব্দৰে গালি পাৰিছিল আৰু বুমটো দলিয়াই দিছিল।
Apply Now
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd