বিবাহৰ প্ৰতিশ্ৰুতিৰে কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ দুৰ্বৃত্তৰ: ভুক্তভোগী কিশোৰীৰ ডিঙিত ৰছী লগাই গাঁৱৰ মাজেৰে ঘূৰালে দুৰ্বৃত্তৰ পৰিয়ালে

Teenage Girl Raped

দেশত মহিলাৰ বিৰুদ্ধে বৰ্ধিত অপৰাধৰ সময়তে বিহাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ধৰ্ষণকাণ্ড। ৰাজ্যখনৰ সমস্তিপুৰ জিলাত এক দুৰ্বৃত্তই বিবাহৰ প্ৰতিশ্ৰুতিৰে এগৰাকী কিশোৰীক কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

কেৱল ধৰ্ষণেই নহয়, দুৰ্বৃত্তৰ মাতৃসহ পৰিয়ালৰ লোকসকলে কিশোৰীগৰাকীৰ ডিঙিত কপাহৰ টাৱেলেৰে বান্ধি সমগ্ৰ গাওঁখনৰ মাজেৰে টানি নিয়াৰো অভিযোগ উঠিছে।

যোৱা ২৬ অক্টোবৰত সমস্তিপুৰ জিলাৰ অংগৰঘাট আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত এই ঘটনা সংঘটিত হৈছিল। অঞ্চলটোৰ মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে কিশোৰীগৰাকীৰ সৈতে অভিযুক্ত বিপিন পাছৱানৰ পূৰ্বে সম্পৰ্ক আছিল।

বিয়াৰ প্ৰলোভন দি অভিযুক্ত বিপিনে কিশোৰীগৰাকীক ঘৰলৈ নি তিনিদিন ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰে। ইফালে এই বিষয়ে জানিব পৰাৰ পিছতে স্থানীয় গাওঁবাসীয়ে বিপিনৰ কাৰ্যত আপত্তি কৰে।

কিন্তু গাওঁবাসীৰ আপত্তিৰ পৰিৱৰ্তে বিপিনৰ পৰিয়ালে কিশোৰীগৰাকীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰে আৰু অভিযুক্ত বিপিনৰ মাতৃ, পিতৃ আৰু ভাতৃয়ে কিশোৰীগৰাকীৰ ডিঙিত কপাহৰ টাৱেল এখনেৰে বান্ধি গোটেই গাওঁখনৰ মাজেৰে টানি নি আতিশয্য চলায়।

এনে অমানুষিক অত্যাচাৰ আৰু অপমানৰ সন্মুখীন হোৱাৰ পিছত কিশোৰীগৰাকীয়ে আৰক্ষীৰ কাষ চাপে আৰু এই সমস্ত ঘটনাৰ বিষয়ে অৱগত কৰে। কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে চাৰিও অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰে।

ইতিমধ্যে ঘটনাৰ মুখ্য অভিযুক্ত বিপিনৰ লগতে তেওঁৰ পিতৃ-ভাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আনহাতে আনগৰাকী অভিযুক্ত তথা বিপিনৰ মাতৃ এতিয়াও পলাতক হৈ আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰিছে।