NORTHEAST NOW (Assamese)

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

August 16, 2022 2:57 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতেই মহানগৰীৰ পাণ্ডুত কালি সংঘটিত হৈছিল এক অঘটন। মহাবাহু ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছিল বৰিপাৰাৰ ১৭ বছৰীয়া বিশাল ঘোষ নামৰ এগৰাকী কিশোৰ।

কিন্তু বৰ্তমান পৰ্য্যন্ত কোনো সন্ধান পোৱা নাই বিশালৰ। গা ধোৱাৰ পূৰ্বে কিশোৰজনে প্ৰস্তুত কৰিছিল এটি বিশেষ ভিডিঅ’।

উল্লেখ্য যে আজি পুৱাৰ ভাগৰে পৰা ব্ৰহ্মপুত্ৰৰ বুকুত নিখোঁজ কিশোৰ বিশাল ঘোষৰ সন্ধানত চলিছে উদ্ধাৰ অভিযান। SDRFএ ব্যাপক ৰূপত চলাইছে এই উদ্ধাৰ অভিযান।

লগতে পঢ়ক: হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

ঘটনাৰ খবৰ পোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছিল জালুকবাৰী আৰক্ষী আৰু নদী আৰক্ষীৰ বিশেষ দল। কিশোৰজনৰ সন্ধানত SDRF বাহিনীৰ লোকে সন্ধিয়ালৈকে চলাই আছিল উদ্ধাৰ অভিযান। কিন্তু বৰ্তমানেও কোনো সন্ধান পোৱা নাই বিশাল ঘোষ নামৰ কিশোৰগৰাকীৰ।

Related News