দল আৰু পৰিয়ালৰ পৰা বহিষ্কাৰ হোৱাৰ পাছত লালুৰ পুত্ৰ তেজ প্ৰতাপে নতুন দল গঠন কৰি বিহাৰৰ ৰাজনীতিত প্ৰৱেশ কৰিছে। বিহাৰৰ মহুৱা আসনৰ পৰাও তেওঁ প্ৰাৰ্থীত্ব আগবঢ়াইছে। বিহাৰৰ নিৰ্বাচনৰ মাজতে তেজপ্ৰতাপৰ নিৰাপত্তা বৃদ্ধি কৰিছে গৃহ মন্ত্ৰালয়ে। জনশক্তি জনতা দলৰ মুৰব্বীক Y+ শ্ৰেণীৰ নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত অমিত শ্বাহৰ মন্ত্ৰালয়ে।
তেজ প্ৰতাপে ইয়াৰ পূৰ্বে বিহাৰৰ পৰিস্থিতিৰ বাবে প্ৰাণ হেৰুৱাৰ আশংকাত কেন্দ্ৰক নিৰাপত্তাৰ দাবী জনাইছিল। খবৰ অনুসৰি তেওঁৰ অনুৰোধক গুৰুত্বসহকাৰে লৈ নিৰাপত্তা সংস্থাই সকলো দিশ পৰীক্ষা কৰি গৃহ মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল কৰে। সেই প্ৰতিবেদনৰ ভিত্তিত লালুৰ পুত্ৰক Y+ শ্ৰেণীৰ সুৰক্ষা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে। জানিব পৰা মতে, এই Y+ শ্ৰেণীৰ নিৰাপত্তাৰ দায়িত্বত থাকিব চি আৰ পি এফ জোৱান। তেওঁৰ বাবে ১১জন কামাণ্ডো আবণ্টন দিয়া হ’ব। ভিভিআইপি তেজ প্ৰতাপৰ ঘৰত আৰু সকলো ভ্ৰমণত ৫ জন জোৱানৰ সৈতে থাকিব। ইয়াৰ উপৰিও ৬জন পিএছঅ’ই তেওঁক তিনিটা শ্বিফটত নিৰাপত্তা প্ৰদান কৰিব।
উল্লেখ্য যে বিহাৰ নিৰ্বাচনৰ ঠিক আগতেই তেজপ্ৰতাপে নতুন দল গঠন কৰি ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। তেওঁ বিহাৰৰ ২৪৩খন আসনৰ ভিতৰত মুঠ ৪৪খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। তেওঁ নিজেও ভিভিআইপি মহুৱা সমষ্টিৰ পৰা থিয় দিছে। নিজৰ জয়ক লৈও তেওঁ যথেষ্ট আত্মবিশ্বাসী।




