• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চিবিআইৰ চমনলৈ সঁহাৰি: ২৫ মাৰ্চত দিল্লীৰ কাৰ্যালয়ত হাজিৰ হ’ব তেজস্বী যাদৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2023 7:09 pm
Tejashwi Yadav
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- এ চমন জাৰি কৰাৰ পিছতো তিনিবাৰকৈ উপেক্ষা কৰাৰ পিছত আজি আৰ জে ডি- ৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা তেজস্বী যাদৱে অৱশেষত অহা ২৫ মাৰ্চত চিবিআইৰ সন্মুখত হাজিৰ হ’বলৈ সন্মতি জনাইছে।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে চলিত মাহত তেজস্বীক গ্ৰেপ্তাৰ নকৰাৰ আশ্বাস দিয়াৰ পাছত চিবিআইৰ চমনৰ প্ৰতি সঁহাৰি জনাই সন্মতি প্ৰদান কৰিছে। তেজস্বী যাদৱক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীয়ে আজি আদালতত অহা ২৫ মাৰ্চত দিল্লীস্থিত চিবিআইৰ মুখ্য কাৰ্যালয়ত তেজস্বীয়ে তদন্তত যোগদান কৰিব বুলি নিশ্চিতি দিয়ে।

Apply Now

উল্লেখ্য যে, বুধবাৰে আৰ জে ডি নেতাগৰাকীয়ে চিবিআই- এ তেওঁক বিহাৰত জেৰা কৰাৰ পৰিৱৰ্তে দিল্লীস্থিত কাৰ্যালয়ত উপস্থিত হ’বলৈ দিয়া নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

যাদৱে লগতে তদন্তকাৰী সংস্থাটোক চমন বাতিল কৰিবলৈ আবেদন জনাইছিল। লগতে বৰ্তমানৰ বিহাৰ বিধানসভাৰ অধিৱেশন ৫ এপ্ৰিলত সমাপ্ত হ’ব বুলি উল্লেখ কৰি যাদৱে কিছুদিনৰ সময়ৰ অনুমতি দিবলৈ অনুৰোধ জনাইছিল।

দুই কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে এই কেলেংকাৰীৰ গোচৰত তেজস্বীৰ লগতে তেওঁৰ পিতৃ লালু প্ৰসাদ যাদৱ, মাতৃ ৰাবৰি দেৱী আৰু ভগ্নী মিছা ভাৰতীক জেৰা তথা তালাচী চলাই আছে।

পূৰ্বৰ ইউ পি এ চৰকাৰৰ সময়ত ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ত লালু প্ৰসাদ যাদৱ তথা তেওঁৰ পৰিয়ালৰ সদস্য আৰু কেইগৰাকীমান সম্পৰ্কীয় ব্যক্তিৰ বিৰুদ্ধে চাকৰিৰ বিনিময়ত ভূ-সম্পত্তি গ্ৰহণৰ অভিযোগ উত্থাপন হৈছে।

গোচৰৰ তদন্ত চলাই থকা চিবিআইয়ে চাৰ্জশ্বীটত নিয়ম উলংঘা কৰি ৰে’লৱেত অনৈতিকভাৱে নিযুক্তি দিয়া হৈছিল বুলি অভিযোগ কৰিছে। লালু যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰতাৰণা, জালিয়াতি আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

বিগত বৰ্ষৰ জুলাই মাহত লালু যাদৱ ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ সহায়ক হিচাপে থকা ভোলা যাদৱক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। ইফালে, এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে দিল্লী, পাটনা, মুম্বাই আৰু ৰাঁচীৰ ২৪ টা স্থানত তালাচীৰ অন্তত লালু যাদৱৰ পৰিয়ালে লাভ কৰা সম্পত্তিৰ তালিকা প্ৰস্তুত কৰিছে।

চাকৰিৰ বিনিময়ত লালু প্ৰসাদ যাদৱৰ পৰিয়ালে অধিগ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰা ভূমিৰ বৰ্তমানৰ বজাৰ মূল্য প্ৰায় ২০০ কোটি টকা বুলি এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে এক বিবৃতিত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd