NORTHEAST NOW (Assamese)

তেলেংগানাত ১১৯ খন আসনৰ বাবে চলিছে ভোটগ্ৰহণ; ভাগ্য নিৰ্ণয় হ’ব ১০৯ টা দলৰ ২২৯০ গৰাকী প্ৰাৰ্থীৰ

November 30, 2023 11:39 am · এন ই নাও নিউজ, গুৱাহাটী
তেলেংগানাত চলিছে ভোটগ্ৰহণ। ভোট দিলে অভিনেতা আল্লু অৰ্জুনেও।

তেলেংগানাত বিধানসভা নিৰ্বাচনৰ ভোটদান চলি আছে। তেলেংগানা বিধানসভাত ১১৯খন আসনৰ ১০৯টা দলৰ ২২৯০জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ চলিব। ৩ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হব।

হেট্ৰিকৰ বাবে উন্মুখ হৈ আছে কেচিআৰ। ইয়াত মূল যুঁজখন বি আৰ এছ আৰু কংগ্ৰেছৰ মাজত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্স হেণ্ডেলত পুৱা ভোটদানৰ আহ্বান জনাই লিখিছে, ‘তেলেংগানাৰ ভাই-ভগ্নীসকলক অভিলেখ সংখ্যক ভোটদান আৰু গণতন্ত্ৰৰ উৎসৱক শক্তিশালী কৰিবলৈ অনুৰোধ জনাইছো। যুৱ প্ৰজন্ম আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰা সকলক ভোট দিবলৈ আহ্বান জনাইছো।‘

লগতে পঢ়কঃ ১৩ হাজাৰ নগ্ন ছবি! প্ৰেমিকৰ ফোনৰ পৰা ‘অন্তৰংগ মুহূৰ্তৰ’ ফটো ডিলিট কৰিবলৈ গৈ চকু কপালত উঠিল যুৱতীৰ

অৱশ্যে তেলেংগানাত বিজেপিয়ে কোনো আসনত জয়ৰ মুখ দেখিবনে নাই তাক লৈ সংশয় আছে।

ইপিনে, জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনে পুৱা ভোটদান কৰে। হায়দৰাবাদৰ এটা বুথত তেওঁ ভোটদান কৰে। জুবিলী হিলছত পাৰিয়ালৰ সৈতে ভোটদান কৰে অভিনেতা চিৰঞ্জীৱিয়ে।

মুখ্যমন্ত্ৰী কেচিআৰৰ কন্যা কবিতাইও পুৱা ভোটদান কৰে। লগতে সকলোকে তেওঁ ভোট দিবলৈ অনুৰোধ জনায়। প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন, কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়েও ভোটদান কৰিছে। 

Related News