DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ED ৰ চমন জাৰিৰ এদিন পূৰ্বে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল কে কবিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2023 3:45 pm
K. Kavitha
83
VIEWS
Share on FacebookShare on Twitter

‘ইডি’ এ এগৰাকী মহিলাক কাৰ্যালয়লৈ মাতিব পাৰেনে? এই প্ৰশ্নৰ সন্দৰ্ভত ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। কিয়নো দুৰ্নীতিৰ গোচৰত ১৬ মাৰ্চত পুনৰ কবিতাক চমন জাৰি কৰিছিল ইডিয়ে।

ইডিৰ চমনক প্ৰত্যাহ্বান জনাই কে কবিতাই গ্ৰেপ্তাৰৰ পৰা ৰেহাই বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ আৰু ন্যায়াধীশ পি এছ নৰসিংহই কে কবিতাৰ এই আবেদনক অনুমতি দিয়ে। এই গোচৰৰ শুনানি অহা ২৪ মাৰ্চত হ’ব।

জৰুৰী ভিত্তিত শুনানিৰ বাবে অনুৰোধ দাখিল কৰাৰ পিছত কবিতাৰ অধিবক্তাই কয় যে আদালতত তেওঁলোকৰ মূল প্ৰশ্ন হ‘ল– “ইডিয়ে এগৰাকী মহিলাক তেওঁলোকৰ কাৰ্যালয়লৈ মাতিব পাৰেনে? ” অধিবক্তাই দাবী কৰে যে সেয়া সম্পূৰ্ণ অবৈধ।

যোৱা ১১ মাৰ্চত দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত বি আৰ এছ নেতাগৰাকীক প্ৰায় ৯ ঘণ্টা ধৰি ইডিয়ে জেৰা কৰিছিল। ইয়াৰ পিছত ইডিয়ে ১৬ মাৰ্চত তেওঁক পুনৰ মাতিছিল। তাৰ মাত্ৰ এদিন পূৰ্বে বুধবাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে কে কবিতাই।

দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত প্ৰথমে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক। তিহাৰ কাৰাগাৰত থকাৰ সময়তে ইডিঅ’ই গ্ৰেপ্তাৰ কৰে তেওঁক।

বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে বিজেপিয়ে কেন্দ্ৰীয় এজেন্সীসমূহ ব্যৱহাৰ কৰি বিৰোধীক নীৰৱ কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ মাজতে কবিতাক ইডিয়ে মাতি আনে।

তেওঁলোকৰ প্ৰশ্ন হ’ল দুৰ্নীতিৰ অভিযোগত অভিযুক্ত ৰাজনৈতিক নেতাই যদি দল এৰি বিজেপিত যোগদান কৰে তেন্তে তেওঁ দুৰ্নীতিমুক্ত হৈ পৰে। বি আৰ এছে কেন্দ্ৰীয় সংস্থাটোক বিজেপিৰ সৈতে ৱাশ্বিং মেচিনৰ তুলনা কৰি হায়দৰাবাদৰ সুবেন্দু অধিকাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ছবিৰ সৈতে সংযোগ কৰা এখন পোষ্টাৰো ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

Recent News

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি  ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd